প্লাষ্টিক-থাৰ্ম’কলৰে হেলমেট প্ৰস্তুত! নকল হেলমেট প্ৰস্তুত কৰা প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান

প্লাষ্টিক-থাৰ্ম’কলৰে হেলমেট প্ৰস্তুত! নকল হেলমেট প্ৰস্তুত কৰা প্ৰতিষ্ঠানত আৰক্ষীৰ অভিযান

January 12, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বাইক আৰােহীৰ জীৱনক লৈও হেতালি খেলিছে একাংশ অসাধু লােকে। যি সময়ত কেন্দ্ৰীয় পথ পৰিবহণ বিভাগে বাইক আৰােহীৰ বাবে BIS এ নিৰ্ধাৰণ কৰি দিয়া উচ্চ মানদণ্ডৰ হেলমেট পৰিধান কৰাটাে বাধ্যতামূলক কৰিছে, তেনে সময়তে দেশৰ ভিন্ন ঠাইত তৈয়াৰ কৰা হৈছে নিম্নমানদণ্ডৰ নকল হেলমেট।

সোমবাৰে নিম্নমানদণ্ডৰ হেলমেট নিৰ্মাতা চক্ৰ উৎখাত কৰে হাইডৰাবাদৰ চাইবাৰবাদ আৰক্ষীয়ে।

এই সন্দৰ্ভত চাইবাৰবাদ আৰক্ষীৰ যান-বাহন শাখাৰ ডিচিপি এছ এম বিজয় কুমাৰে কয় যে, ধীৰাজ কুমাৰৰ AASHIRWAD HELMETS & ACCESSORIES আৰু অনিল কুমাৰৰ Welfare Enterprises of Ghaziabad নামৰ দুই প্ৰতিষ্ঠানে প্ৰস্তত কৰি আহিছিল নিম্ন মানদণ্ডৰ হেলমেটসমূহ। যিসমূহ প্ৰস্তুত কৰাৰ লগতে বিক্ৰীও কৰে তেওঁলোকে। দুই অভিযুক্তক উত্তৰ প্ৰদেশৰ গাজিয়াবাদত আটক কৰি চহৰলৈ লৈ অনা হয়।

চাইবাৰবাদ আৰক্ষীয়ে কিছুদিনৰ পৰা অঞ্চলটোত নিম্ন মানদণ্ডৰ হেলমেট বিক্ৰী আৰু ব্যৱহাৰ হৈ থকাৰ তথ্য লাভ কৰে। সেয়েহে এই হেলমেট নিৰ্মাতা প্ৰতিষ্ঠান কেইটাক ছীল কৰাৰ উদ্দেশ্যে আৰক্ষীয়ে এক তদন্ত্ৰকাৰী দল গঠন কৰি দিয়ে। সেই অনুসৰি সোমবাৰে এই দুই প্ৰতিষ্ঠানক হাতে লুটে ধৰা পেলাই ছীল কৰে দলটোৱে। প্ৰায় ১০ টি কৈ গোচৰ ৰুজু কৰা হৈছে নিৰ্মাতা প্ৰতিষ্ঠানৰ বিৰুদ্ধে।

বিষয়াজনে লগতে কয় যে, এই নিম্ন মানদণ্ডৰ হেলমেট পৰিধান কৰাৰ ফলত দুৰ্ঘটনাত পতিত হৈ হোৱা মৃত্যুৰ হাৰ বৃদ্ধি পাইছে। এনে হেলমেট দেশৰ বহুতো ঠাইত নিৰ্মাণ হৈ আছে।

এনেধৰণৰ হেলমেট সমূহৰ নিৰ্মাণ খৰচ ১০০-২০০ টকাৰ ভিতৰত হয়। কিন্তু এইসমূহ বিক্ৰী কৰা হয় ৫০০ টকা দৰত। সেয়েহে নিজৰ জীৱন সুৰক্ষিত ৰখাৰ স্বাৰ্থত এই হেলমেট ব্যৱহাৰৰ পৰিৱৰ্তে উন্নত মানৰ হেলমেটহে চালক সকলে পৰিধান কৰিব লাগে বুলি সকলোকে আহ্বান জনায় বিষয়া গৰাকীয়ে।