প্লাষ্টিকৰ বিৰুদ্ধে কঠোৰ প্ৰশাসন।
নগাঁও জিলা প্ৰশাসনে জব্দ কৰিলে ২ কোটিৰো অধিক মূল্যৰ পলিথিন।
নগাঁও জিলা প্ৰশাসন আৰু নগাঁও পৌৰসভাই যুটীয়াভাৱে নগৰখনৰ হয়বৰগাঁও বজাৰত অভিযান চলাই তিনিটাকৈ গুদাম ছীল কৰে।
নগাঁৱৰ হয়বৰগাঁৱত ৰতন মালাকাৰ নামৰ ব্যৱসায়ীগৰাকীয়ে তিনিটাকৈ গুদামত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ পলিথিন জব্দ কৰে।
জব্দকৃত পলিথিনসমূহৰ মূল্য ২কোটিৰো অধিক হ’ব বুলি জানিব পৰা গৈছে।
নগাঁও পৌৰসভাৰ মুখ্য কাৰ্যবাহী বিষয়া প্ৰীতম মালাকাৰ আৰু নগাঁও পৌৰসভাৰ উপ-পৌৰপতি সীমান্ত বৰাৰ নেতৃত্বত চলিছিল অভিযান।
জিলা প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো পলিথিনৰ ব্যৱসায় চলোৱা ব্যৱসায়ীসকলৰ বিৰুদ্ধে অতি কঠোৰ ব্যৱস্থা লোৱা হ’ব বুলিও সংবাদ মাধ্যমক জনাইছে উপ পৌৰপতি সীমান্ত বৰাই।