প্লাষ্টিকৰ নেকি? খুন্দিলেও গুৰি নহয় চৰকাৰৰ বিনামূলীয়া চাউল…

চৰকাৰে দৰিদ্ৰ সীমা ৰেখা তলৰ লোক সকলক মাহে মাহে প্ৰদান কৰি আহিছে বিনামূলীয়া চাউল।

চৰকাৰে যোগান ধৰা উক্ত বিনামূলীয়া চাউল আপুনি খাই নেকি?

যদি খাই তেনেহলে এতিয়াৰে পৰা সাৱধান হওক।

কিয়নো ৰেচনৰ চাউলত মিলোৱা হৈছে প্লাষ্টিক জাতীয় চাউল, যি চাউল খুন্দিলেও নহয় গুৰি।

চৰকাৰে দিয়া চাউলত প্লাষ্টিক জাতীয় চাউল মিহলি হৈ থকা কথাতো মঙলদৈৰ এজন যুৱকে কৰা ভিডিঅ’ ৰ দ্বাৰা পোহৰলৈ আহিছে।

মঙলদৈৰ জলজলি গাঁও পঞ্চায়তত এইবাৰ চাউলত মিহলি হৈ আহিল প্লাষ্টিকৰ চাউল।

গাঁও খনৰ যুৱক জনে কৰা ভিডিঅ’ টোত চাউল খিনি খুন্দাৰ পিছতো গুৰি নহ’ল।

যুৱকজনৰ মতে চৰকাৰে প্ৰদান কৰা এই বিনামূলীয়া চাউল সমূহত প্ৰায় ৩০ ৰ পৰা ৪০ শতাংশ প্লাষ্টিকৰ চাউল মিহলি হৈ আছে।

আনহাতে লক্ষীপুৰৰ বান্দৰমাথাৰ দ্বিতীয় খণ্ড গাঁৱতো সংঘটিত হৈছে অনুৰূপ ঘটনা।

অঞ্চলটোৰ শালবাৰি ১ম খণ্ড গৌৰনগৰ সুলভ মূল্যৰ দোকানত প্লাষ্টিকৰ চাউল যোগান ধৰাৰ অভিযোগ।

৮১ টা পৰিয়ালক যোগান ধৰা চাউল খোৱাৰ বাবে অনুপযোগী বুলি অভিযোগ কৰিছে হিতাধিকাৰীয়ে।

যাৰ বাবে এতিয়া চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে হিতাধিকাৰীয়ে।