পেটৰ তাড়নাত ব্ৰইলাৰ পালনেই অপৰাধ হ’ল এটা পৰিয়ালৰ।
ব্ৰইলাৰ ফাৰ্ম খোলাৰ বাবেই সমাজে তিনি বছৰে এঘৰীয়া কৰি ৰাখিলে এটি পৰিয়ালক।
নগাঁৱৰ তুলসীমুখ দেউৰীগাঁৱত সংঘটিত হৈছে এই নিন্দনীয় ঘটনা।
জানিব পৰা মতে, তুলসীমুখ দেউৰীগাৱঁৰ অপূৰ্ব দাস নামৰ নিবনুৱা যুৱকজনে প্ৰায় তিনি বছৰ পূৰ্বে নিজ ঘৰৰ পাছফালে ব্ৰইলাৰৰ ফাৰ্ম এখন খুলিছিল। কিন্তু ব্ৰইলাৰ ফাৰ্মখন খোলাৰ পিছতেই সমাজৰ পৰা ৰাইজে এঘৰীয়া কৰিলে অপূৰ্ব দাসৰ পৰিয়ালটোক।

কেৱল অপূৰ্ব দাসকেই নহয়, তেওঁৰ ককাই-ভাই, আত্মীয়কো সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিছে ৰাইজে।
ব্ৰইলাৰ পুহি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰাটোৱে সমাজৰ দৃষ্টিত যেন অপৰাধ হ’ল অপূৰ্ব দাসৰ বাবে।
এই কথা পোহৰলৈ অহাৰ পিছতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত।