পেট্ৰ’ল পাম্প আৰু LPG গেছ এজেন্সীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত বৃহৎ প্ৰৱঞ্চনা, অৰুণাচল আৰক্ষীৰ জালত অসমৰ দীপজ্যোতি…

পেট্ৰ’ল পাম্প আৰু LPG গেছ এজেন্সীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত প্ৰৱঞ্চনাৰে কোটি টকাৰ কেলেংকাৰি।
অৰুণাচল আৰক্ষীৰ জালত অসমৰ দীপজ্যোতি দাস।
অৰুণাচল প্ৰদেশ আৰক্ষীৰ বিশেষ তদন্তকাৰী দলে গুৱাহাটীৰ পৰা প্ৰৱঞ্চনাৰ জাল পেলোৱা কামৰূপ জিলাৰ অন্তৰ্গত সানপাৰা গাঁৱৰ দীপজ্যোতি দাস (৩০)ক গ্ৰেপ্তাৰ কৰিছে।
ধৃত দীপজ্যোতি দাসে ভাৰতীয় তৈল নিগম লিমিটেড (আই অ’ চি এল)ৰ কৰ্মচাৰীৰ ৰূপ লৈ অসম আৰু অৰুণাচলক লক্ষ্য কৰি লৈছিল আৰু আই অ’ চি এলত চাকৰিৰ সুযোগৰ সন্ধানত থকা যুৱক-যুৱতীসকলক জালত পেলাইছিল।
অৰুণাচল আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি এই কথা সদৰি কৰিছে বিশেষ তদন্তকাৰী দলৰ আৰক্ষী অধীক্ষক ৰোহিত ৰাজবীৰ সিঙে।

সিঙে কয় যে, এতিয়ালৈকে দীপজ্যোতি দাসে প্ৰায় ৩১জন লোকৰ সৈতে যোগাযোগ কৰিছিল। অৰুণাচলৰ এজন ব্যক্তিৰ পৰা ইতিমধ্যে ৫০ লাখ টকা প্ৰতাৰণা কৰাৰ লগতে আন এঠাইত ১.১৮ কোটি টকা আৰু অসম আৰু অৰুণাচলৰ পৰা প্ৰতাৰণা কৰি সংগ্ৰহ কৰা মুঠ ধনৰাশি হৈছে ২.৫ কোটি টকা।
ইতিমধ্যে এছ আই টিয়ে দাসৰ পৰা ৭,১৪,০০০ লাখ টকা জব্দ কৰিছে। লগতে এটা অট্টালিকা চিনাক্ত কৰে, যিটো জালিয়তিৰ উপাৰ্জনেৰে নিৰ্মাণ কৰিছে।
অভিযুক্তই প্ৰতাৰিত ধনেৰে নিৰ্মাণ কৰা এটা অট্টালিকাক লৈ আদালতত আবেদন দাখিল কৰা হৈছে বুলি আৰক্ষী অধীক্ষকজনে জনায়।
অভিযুক্তৰ বিৰুদ্ধে এটা গোচৰ নং-8/22 u/s-419, 420, 468, 120B IPC ত ৰুজু কৰা হৈছে আৰু তদন্ত এতিয়াও চলি আছে। অভিযুক্তৰ পৰা দুটা ফোন, ৭ খন ডেবিট কাৰ্ড, ১ খন পেন কাৰ্ড, ১ খন ড্ৰাইভিং লাইচেন্স, আই অ’ চি এলৰ ১ খন আই ডি কাৰ্ড আৰু অন্যান্য অভিযোগনামা জব্দ কৰা হৈছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে কয়।