নিউজ ডেস্ক। পৃথিৱীৰ কোনো দেশতে অসমীয়াৰ দৰে সুবিধাবাদী জাতি নাই।
এই মন্তব্য আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ।
নাহৰকটীয়া প্ৰেছ গীল্ডৰ মুখ্য উপদেষ্টাৰ সৈতে সুদীৰ্ঘ সময় ধৰি চলা টেলিফোনিক বাৰ্তালাপত অসমীয়া জাতি-ভেটিৰ বিষয়ে বহু মন্তব্য কৰে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আস্থা প্ৰকাশ কৰি পৰেশ বৰুৱাই কয় যে মুখ্যমন্ত্ৰীয়ে কথা আৰু কামৰ মাজত সাদৃশ্য স্থাপন কৰিবলৈ সক্ষম হ’লে অসম-ভাৰত সংঘাতৰ সমাধান প্ৰক্ৰিয়াই গতি লাভ কৰিব।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ৰাজনৈতিক সীমাবদ্ধতা অতিক্ৰম কৰি এই সংঘাত সমাধানৰ বাট মুকলি কৰিব বুলিও আশা প্ৰকাশ কৰে পৰেশ বৰুৱাই।
আনহাতে অসমৰ কয়লা চিণ্ডিকেটৰাজ সন্দৰ্ভত টেলিফোনিক বাৰ্তালাপত মন্তব্য কৰি বৰুৱাই কয় যে অসমৰ কোন কোন সাংবাদিকে কয়লা ব্যৱসায়ৰ কমিছন লাভ কৰে তাৰ তালিকা ইতিমধ্যে তেওঁ সংগ্ৰহ কৰিছে। কিন্তু বৈদ্যুতিন সংবাদ মাধ্যমতে সশস্ত্ৰ সংগঠনটোৰ বক্তব্য হুবহু প্ৰকাশ নকৰে বুলিও বিষোদগাৰ ব্যক্ত কৰে পৰেশ বৰুৱাই।
তেওঁ কয় যে, বিভাজনমুখী, পৰনিৰ্ভৰশীলতা আৰু অনৈক্যৰ বাবে অসমীয়া জাতি দিনক দিনে দুৰ্বল হৈছে। যিসমূহ বুদ্ধিজীৱীয়ে নিজকে সচেতন বুলি দাবী কৰে তেওঁলোকে জাতিটোৰ এনে আসোঁৱাহ আঁতৰাবলৈ চেষ্টা কৰিব লাগিছিল, কিন্তু বাস্তৱত সেয়া হৈ উঠা নাই।
পৃথিৱীৰ কোনো দেশতে অসমীয়াৰ দৰে সুবিধাবাদী জাতি নাই বুলি মন্তব্য কৰি পৰেশ বৰুৱাই কয় যে ঐক্যবদ্ধ আৰু পৰিশ্ৰম কৰা জাতি হিচাপে বাংলাদেশীও অসমীয়াতকৈ বহুত আগত আছে। অসমীয়াৰ শিক্ষিত চামে ডিগ্ৰী আহৰণ কৰে ঠিকেই, কিন্তু জাতীয় দায়বদ্ধতাকণ পাহৰি যায়।
আনহাতে ৰাজ্যৰ বিভিন্ন প্রতিষ্ঠানসমূহত নিযুক্তিৰ ক্ষেত্ৰত আলফাই যে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে সেই কথাও পৰেশ বৰুৱাৰ বক্তব্যত স্পষ্ট হৈ পৰিছে। অসমীয়া জাতিৰ সুবিধাবাদী অৱস্থান সম্পর্কত ব্যাখ্যা কৰিবলৈ গৈ তেওঁ কয় যে বহু লোকৰ অনুৰোধত তেওঁলোকৰ সতি-সন্ততিক চাকৰিত সুমুৱাই দিয়াৰ ক্ষেত্ৰতো আলফা (স্বাঃ)য়ে সহায় কৰিছে।
কিন্তু আজিলৈকে কোনো এজন লোকেই কোভিডকালত আলফা(স্বাঃ)ৰ সদস্যসকলে কেনেকৈ কটালে, সদস্যসকলে কভিড প্ৰতিৰোধী ভেকচিন গ্ৰহণ কৰিলে নে নাই সেই সম্পর্কত সৌজন্যতাবোধকভাৱে এষাৰিও নুসুধিলে।
ইফালে আলফাৰ সদস্যসকলক কোভিড ভেকচিন প্ৰদানৰ ক্ষেত্ৰত কেনেকৈ কোনে সহায় আগবঢ়াইছিল সেই সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে আলফাৰ সেনাধ্যক্ষ গৰাকীয়ে। অৱশ্যে আলফা সদস্যই কোভিডৰ দুয়োপালি ভেকচিন গ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে পৰেশ বৰুৱাই।
লগতে চাওকঃ
ছাত্ৰীক ৰাজহুৱা শাস্তি দিয়া অধ্যাপিকা জয়শ্ৰী দাসক দিয়া হ’ল অব্যাহতি!