পৃথিৱীত এসপ্তাহৰ বাবে সম্পূৰ্ণ তলাবন্ধ দিয়ক, জলবায়ুৰ পৰিৱৰ্তন আহিবঃ যাদৱ পায়েং

নিউজ ডেস্ক। জলপায়ু পৰিৱৰ্তনৰ ফলত বিশ্বজুৰি বৃদ্ধি পাইছে প্ৰাকৃতিক দুৰ্যােগৰ প্ৰকােপ।

বানপানী, খৰাং, ভূমিকম্প, আগ্নেয়গিৰি উদ্গীৰণ, চুনামীৰ দৰে প্ৰাকৃতিক দুৰ্যােগত বিধ্বস্ত বহু অঞ্চল।

প্ৰাকৃতিক ভাৰসাম্য সুৰক্ষাৰ বাবে চলােৱা প্ৰচেষ্টাই ৰােধ কৰিব পৰা নাই এনে দুৰ্যােগৰ প্ৰকােপ।

তেনে সময়তে বিশ্বজুৰি ক’ভিড-১৯ মহামাৰীয়ে প্ৰাণ কাঢ়ি নিছে লাখ লাখ লােকৰ।

সাম্প্ৰতি সময়ত আটাইতকৈ চৰ্চিত বিষয় হৈ পৰিছে লকডাউন কিম্বা তলাবন্ধ।

অৱশ্যে ক’ভিড-১৯ৰ বাবে নহয়, জলবায়ু পৰিৱৰ্তন ৰােধ কৰিবলৈ বিশ্বজুৰি তলাবন্ধ নাইবা লকডাউনৰ পােষকতা কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে।

পায়েঙৰ মত, পৃথিৱীত এসপ্তাহৰ বাবে সম্পূৰ্ণ তলাবন্ধ দিয়ক, জলবায়ুৰ পৰিৱৰ্তন নিয়ন্ত্ৰিত হ’ব।

22

উল্লেখ্য যে ‘ফৰেষ্ট মেন অৱ ইণ্ডিয়া’ পদ্মশ্ৰী যাদৱ পায়েঙে শুকুৰবাৰে চিৰাং জিলাৰ বিজনী মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে পৰিৱেশ সজাগতা আৰু বহনক্ষম উন্নয়ন বিষয়ত মত বিনিময় কৰে।

অসম ৰাজ্যিক প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ সহযোগত আৰু বিজনী মহাবিদ্যালয়ৰ পৰিৱেশ আৰু বতৰ পৰিৱৰ্তন কোষসহ কে’বাটাও বিভাগৰ উদ্যেগত আয়োজিত মত বিনিময় অনুষ্ঠানত পায়েঙে নিজৰ অৰণ্য সৃষ্টিৰ দীঘলীয়া পৰিক্ৰমাৰ ওপৰত বিস্তৃত ব্যাখ্যা দাঙি ধৰে।

2566

বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে সম্প্ৰতি মাজুলী জিলাৰ অন্তৰ্গত মূলা কাঠনিবাৰী জংঘলত হাতী, অন্য জীৱ জন্তুৰ আগমন ঘটাত স্থানীয় লোকে পায়েঙক অৰণ্য ধ্বংস কৰিবলৈ ধমক দিছিল যদিও এই লৈ তেওঁ কোনো ভ্ৰুক্ষেপ নকৰি আগুৱাই অহাৰ কথা প্ৰকাশ কৰে।

তেওঁৰ কাম-কাজৰ বাবে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ‘ফৰেষ্ট মেন অৱ ইণ্ডিয়া’ সন্মান প্ৰদান কৰাৰ লগতে বিভিন্ন দেশ-বিদেশৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গৱেষক শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰ স’তে সময়ে সময়ে হোৱা মত বিনিময়সমূহৰ ওপৰত আলোকপাত কৰে।

256

তেওঁ বিগত দুবছৰত জলবায়ুৰ পৰিৱৰ্তনৰ বাবে ক’ভিড সৃষ্ট পৰিৱেশৰ সৃষ্টি হোৱা বুলি দাবী কৰে। লগতে পৃথিৱীখন আগৰ দৰে সুন্দৰ হৈ পৰিব বুলি আশা ব্যক্ত কৰে।

ভাষণ প্ৰসংগত তেওঁ অসমত এখন পৰিৱেশ বিশ্ববিদ্যালয় স্থাপনৰ পোষকতা কৰে। লগতে মেস্কিকোত চৰকাৰে দহ বছৰৰ বাবে তেওঁক নিমন্ত্ৰণ কৰাৰ তথ্য ব্যক্ত কৰে।

ভাৰতবৰ্ষৰ জলবায়ু সম্প্ৰতি ঠিকে আছে বুলি কৈ মহাবিদ্যালয় আৰু অন্যান্য বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জন্মদিনত কেক কটাৰ বিপৰীতে একোডালকৈ গছৰ পুলি ৰোপণ কৰাৰ লগতে বন্ধু-বান্ধৱক একোডালকৈ গছ পুলি ৰোপণৰ বাবে প্ৰদান পৰিবলৈ আহ্বান জনায়।

লগতে চাওকঃ

সুদীৰ্ঘ ৭৭ বছৰৰ পিছত অৰুণাচল প্ৰদেশত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বিমানৰ ধ্বংসাৱশেষ

G2

ই-ৰিক্সা চালকে দি গ’ল পাৰ্চেল, খোলাৰ লগে লগে সংঘটিত হ’ল প্ৰচণ্ড বিস্ফোৰণ, আহত ৪ জন

G8

Leave a Comment