fbpx
অসমঅসমীয়া

পৃথিৱীখনক ভাল পাবলৈ শিকাব লাগিব নৱ প্ৰজন্মকঃ অৰণ্য মানৱ

নিউজ ডেস্ক। অসমৰ লগতে সমগ্ৰ উত্তৰ পূবতে প্ৰাকৃতিক দুৰ্যােগৰ প্ৰকােপ ক্ৰমাৎ বৃদ্ধি পাইছে।

মূলতঃ মানুহ প্ৰকৃতি বিৰােধী বিভিন্ন কামকাজৰ বাবেই প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হােৱাৰ ফলতে বৃদ্ধি পাইছে এনে দুৰ্যােগ।

তেনে সময়তে নতুন প্ৰজন্মক প্ৰকৃতিৰ সুৰক্ষাৰ বাবে সজাগ কৰাৰ পােষকতা কৰিছে অৰণ্য মানৱ যাদৱ পায়েঙে।

p2 9

কামৰূপ জিলাৰ ৰঙিয়াত উপস্থিত হৈ স্থানীয় তুলসীবাৰী বহুমুখী বিদ্যালয়ত অনুষ্ঠিত এক সজাগতামূলক সভাত অংশ লয় পায়েঙে।

তেওঁ ছাত্র-ছাত্ৰীসকলৰ মাজত পৰিৱেশ সংৰক্ষণ আৰু গছপুলি ৰোপণক উৎসাহিত কৰিবলৈ আহ্বান জনায়।

p3 3

বিদ্যালয়খনৰ অধ্যক্ষা লিনু বৰদলৈয়ে বিশেষ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বর্তমান সময়ত জলবায়ু পৰিৱৰ্তনে কিদৰে পৃথিৱীখনক ক্ষতি কৰিছে সেই বিষয়ে তেওঁ ছাত্র ছাত্রীসকলক বুজাই দিয়ে।

লগতে গছ অবিহনে যে পৃথিৱী জীয়াই নাথাকে সেই বিষয়ে নৱপ্ৰজন্মৰ মাজত সজাগ কৰাৰ প্ৰয়াস কৰে।

ছাত্ৰ-ছাত্ৰীসকলক পৃথিৱীখনক ভাল পাবলৈ লাগিব। তেতিয়া তেওঁলোকে পৃথিৱীখন সুন্দৰ কৰি ৰখাৰ চেষ্টা কৰিব বুলি দোহাৰে।

নিজৰ নিজৰ জন্মদিনত ছাত্র-ছাত্রীসকলক এজোপা গছপুলি ৰোৱাৰ লগতে ইয়াক প্ৰতিপালন কৰি ডাঙৰ কৰাৰ বাবে আহ্বান জনায়।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!