পূজাৰ ভিৰত হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেহৰক্ষীৰ গুলীভৰ্তি মেগজিন…

পূজাৰ আনন্দ উল্লাসৰ মাজতে অঘটন।

দুৰ্গা পূজাৰ ভিৰত হেৰাল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দেহৰক্ষীৰ মাৰণাস্ত্ৰৰ মেগজিন।

অষ্টমীৰ দিনা ধুবুৰীৰ পূজা মণ্ডপত ভিৰৰ মাজতে পূজা দিবলৈ গৈছিল মুখ্যমন্ত্ৰীগৰাকী।

ধুবুৰীৰ সবুজ সংঘৰ পূজা মণ্ডপত সংঘটিত হয় এই ঘটনা।

অৱশ্যে বহু সময়ৰ বিচাৰ-খোচাৰ কৰাৰ অন্তত উদ্ধাৰ হয় গুলীভৰ্তি মেগজিনটো।

উল্লেখ্য যে, মহা অষ্টমীৰ দিনা দুৰ্গোৎসৱ উপভোগ কৰিবলৈ ধুবুৰী জিলাত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়াৰ ভাগত উপস্থিত হয় ধুবুৰীত।

বুধবাৰে বগৰীবাৰীৰ ঐতিহাসিক মা মহামায়া মন্দিৰতো পূজা আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে।

৪০০ বছৰ পুৰণি এই ঐতিহ্যমণ্ডিত মন্দৰিত পবিত্ৰ ভোগো গ্ৰহণ কৰে হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে প্ৰমোদ বড়ো আৰু মন্ত্ৰী ৰঞ্জিত দাস।

ধুবুৰীৰ ঝগৰাৰপাৰৰ নিৰ্মীয়মান চিকিৎসা মহাবিদ্যালয়ৰ কাম–কাজৰ অগ্ৰগতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

পিছত সাংবাদিকৰে হোৱা কথা–বতৰাত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই অহা বছৰৰ পৰা ধুবুৰী চিকিৎসালয় মহাবিদ্যালয়খন আৰম্ভ হ’ব বুলি ঘোষণা কৰে।

Leave a Comment