পূজাৰ উছাহৰ মাজতে শোকাৱহ ঘটনা! পূজাৰ মণ্ডপত জুই লাগি ৩জনৰ কৰুণ মৃত্যু…

পূজাৰ উছাহৰ মাজতে শোকাৱহ ঘটনা!

পূজাৰ মণ্ডপত জুই লাগি ৩জনৰ কৰুণ মৃত্যু।

দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।

তিনিজন লোক নিহত হোৱাৰ বিপৰীতে ঘটনাত আহত হৈছে ৫০জনৰো অধিক লোক।

দেওবাৰে নিশা উত্তৰ প্ৰদেশৰ ভাদোহীত পূজাৰ মণ্ডপত সংঘটিত হৈছে এই ঘটনা।

আহতসকলক ততাতৈয়াকৈ বাৰাণসী আৰু প্ৰয়াগৰাজ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

ঘটনাত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।

অগ্নিদগ্ধসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।