পূজাৰ উছাহৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা, বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ থিতাতে নিহত দুজন…

পূজাৰ উছাহৰ মাজতে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ থিতাতে নিহত দুই বাইক আৰোহী।

দূৰ্গা পূজাৰ মহাষ্টমীৰ পুৱাতেই চামগুৰিৰ ডাউনটাউন ৰিজৰ্টৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই পথ দৰ্ঘটনাটো।

বাইক আৰু দহচকীয়া ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত দুই মটৰচাইকেল আৰোহী।

দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত হয় চৰাইদেউৰ বৰহাটৰ পাপু গগৈ আৰু একে গাঁৱৰে বিপুল গগৈ দুই যুৱক।

দূৰ্ঘটনাটো সংঘটিত কৰিয়েই গুৱাহাটীৰ দিশে পলায়ন কৰে দ্ৰুতবেগী দহচকীয়া ট্ৰাক খনে।

নিহত পাপু গগৈ বৰহাট গাঁওৰক্ষী বাহিনীৰ সৈতে জড়িত, দুয়োজন গুৱাহাটী দিশৰ পৰা শিৱসাগৰ অভিমুখে গৈ থকাৰ অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো।