পূজাৰ আনন্দৰ মাজতে আঘটনা! লগৰীয়াই হানি-খুচি হত্যা কৰিলে পূজা চাবলৈ যোৱা যুৱকক…

পূজাৰ আনন্দৰ মাজতে বঙাইগাঁৱত আঘটনা।

লগৰীয়াই হানি-খুচি হত্যা কৰিলে পূজা চাবলৈ যোৱা যুৱকক।

বঙাইগাঁৱৰ নিউ ক’ল’নিত নিশা সংঘটিত হয় এই হত্যাকাণ্ড৷

নৱমীৰ সন্ধিয়া গোপাল বৰ্মন নামৰ যুৱকজন ঘৰৰ পৰা পূজা চাবলৈ ওলাই গৈছিল৷ লগৰীয়াৰ সৈতে পূজা চাই থকাৰ সময়তে হঠাতে যুৱকজনৰ সৈতে কাজিয়াৰ সূত্ৰপাত ঘটে।

এটা সময়ত কাজিয়াই চূড়ান্ত ৰূপ লয় আৰু গোপাল বৰ্মনক ছুৰীৰে আক্ৰমণ কৰে৷

পথৰ দাতিত মুৰ্মুষ অৱস্থাত যুৱকজনক উদ্ধাৰ কৰে পৰিয়ালে।

গোপালৰ বন্ধু ৰাজু মাহতোৱে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

পৰৱৰ্তী সময়ত যুৱকজনক ততাতৈয়াকৈ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

ৰাজু মহতো নামৰ যুৱকজন নিচাসক্ত আছিল বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে৷

ৰাজমিস্ত্ৰীৰ কাম কৰা ৰাজু মহতোৰ সৈতে গোপাল বৰ্মনে সহযোগী হিচাপে কাম কৰি আহিছিল।

Leave a Comment