পুৱাই গুৱাহাটীলৈ অনা হ’ল পংকজ পাঠকক, হাতীগাঁও থানাত কৰা হ’‍ব জেৰা…

পুৱাই গুৱাহাটীলৈ অনা হ’ল স্বয়ম্ভু আচাৰ্য পংকজ পাঠকক।

বৰ্তমান হাতীগাঁও থানাত ৰখা হৈছে পংকজ পাঠকক।

হাতীগাঁও থানাত জেৰা কৰা হ’ব পংকজ পাঠকক।

বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা গ্ৰেপ্তাৰ পংকজ পাঠকক।

কালঝাৰৰ এজন লোকৰ ঘৰত আত্মগোপন কৰি আছিল পংকজ পাঠকে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে স্বয়ম্ভূ আচাৰ্য পংকজ পাঠকক।

জানিব পৰা মতে, বুধবাৰে দিনৰ ভাগত বৰপেটা চহৰৰ মুছলিমপট্টিৰ জনৈক মৃদুলৰ ঘৰত আশ্ৰয় লৈ আছিল পংকজ পাঠকে৷ কালঝাৰৰ এজন লোকৰ ঘৰত পংকজ পাঠকে নিশাটো কটোৱাৰ পৰিকল্পনা কৰিছিল৷

অৱশেষত মৃদুল নামৰ লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰপেটা আৰক্ষীয়ে পংকজ পাঠকক গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য য, ৰাজ্যৰ বিভিন্ন স্থানত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ।

অসম মহিলা আয়োগেও পংকজ পাঠকৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল।