নিউজ ডেস্ক। দক্ষিণ ভাৰতৰ অতিকৈ জনপ্ৰিয়া ছবি ‘পুস্পা’ আপুনিও নিশ্চয় চাইছে।
আল্লু অৰ্জুন অভিনীত ছবিখন সম্প্ৰতি ভাৰতৰ লগতে বিদেশতো বিশেষ জনপ্ৰিয়তা লাভ কৰিছে।
ছবিখনত অভিনেতা পুস্পাই কিদৰে ৰঙা চন্দনৰ ব্যৱসায় কৰিছিল আৰু কি কি কৌশলেৰে আৰক্ষীৰ চকুত ধুলি দিছিল সেইবোৰ সৰবৰাহ কৰিছিল নিশ্চয় আপুনি চাইছে।
কিন্তু এইবাৰ সেই একেই কৌশল অৱলম্বন কৰি ৰঙা ঘৰৰ আলহী হ’ল এজন যুৱক।
এই ঘটনা মহাৰাষ্ট্ৰৰ। মহাৰাষ্ট্ৰ আৰক্ষীয়ে ছাংগ্লী সীমাৰ পৰা অবৈধ ৰঙা চন্দন খিনি জব্দ কৰাৰ লগতে অবৈধ সৰবৰাহকাৰীটোকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
জব্দ হোৱা ৰঙা চন্দৰখিনিৰ মূল্য ২কোটি ৪৫ লাখ টকা হব বুলি অনুমান কৰা হৈছে।
A smuggler who was inspired after watching movie #Pushpa, tried 2 smuggle red sandalwood worth 2.45cr in movie style. Smuggler Yasin Inayithulla loaded truck wit red sandalwood & on top of tat he loaded wit fruits & vegetable boxes. He was arrested by @MahaPolice near Sangli pic.twitter.com/fsOqRlzGFF
— Sagay Raj P || ಸಗಾಯ್ ರಾಜ್ ಪಿ (@sagayrajp) February 2, 2022
চিনেমাখনৰ কৌশলেৰে সৰবৰাহকাৰীজনে ৰঙা চন্দন তলত দি তাৰ ওপৰত আনিছিল ফল-মূলৰ বাকচ আদি।
কিন্তু মহাৰাষ্ট্ৰ আৰক্ষীৰ তালাচীত ধৰা পৰি যায় সকলো।
বৰ্তমানে মহাৰাষ্ট্ৰ আৰক্ষীৰ জিম্মাত আছে সৰবৰাহকাৰী আৰু জব্দকৃত ট্ৰাকখন।
লগতে চাওকঃ
গুৰুতৰভাৱে অসুস্থ এগৰাকী প্ৰাক্তন সেনা বিষয়াৰ প্ৰাণ ৰক্ষা কৰিলে ছুইগীৰ ডেলিভাৰী বয়ে