অসম
পুনৰ SOP- মাস্ক নিপিন্ধিলে ভৰিব লাগিব ৫০০ টকাৰ জৰিমনা…

দেশত পুনৰ ভয়াৱহ ভাৱে বৃদ্ধি হ’বলৈ লৈছে ক’ভিডৰ সংক্ৰমণ।
ৰাজধানী দিল্লীত কৰ’ণাই পুনৰ লৈছে ভয়ংকৰ ৰূপ।
কৰ’ণাৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই দিল্লী চৰকাৰে জাৰি কৰিছে নতুন SOP।
এই SOP অনুসৰি দিল্লীত এতিয়াৰে পৰা ৰাজহুৱা স্থানত মাস্ক বাধ্যতামূলক।
যদিহে মাস্কৰ পৰিধান নকৰে তেনেহলে ভৰিব লাগিব ৫০০টকাৰ জৰিমনা।
ইফালে বিদ্যালয়সমূহকো সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান প্ৰশাসনৰ।
ৰাজধানী দিল্লীত ২৪ ঘণ্টাত ৪৩ শতাংশ কমিছে কোৰোনাত সংক্ৰমণৰ হাৰ। তথাপিও ক’ভিড নিয়ন্ত্ৰণৰ বাবে কঠোৰ হৈছে দিল্লী চৰকাৰ।
উল্লেখ্য যে, দেশত নতুনকৈ ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈছে ২,০৬৭জন।