অসম

পুনৰ CAA বিৰোধী আন্দোলনৰ উক-মুকনি, সোচ্চাৰ ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য…

কৃষকৰ প্ৰতিবাদত সেও মানি অৱশেষত কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিবলৈ বাধ্য হ’ল বিতৰ্কিত ৩ কৃষি আইন।

ইয়াৰ পাছতে যেন অসম তথা উত্তৰ পূৰ্বাঞ্চলত পুনৰ উক-মুকনি উঠিছে কা বিৰোধী আন্দোলনে।

প্ৰতিবাদী কৃষকৰ জয়ৰ পিছতে যেন সম্বিত ঘূৰাই পাইছে অসমৰ বহু জাতীয় দল- সংগঠনৰ নেতায়ো।

তেনে সময়তে কৃষক আন্দোলনৰ পৰা যেন একপ্ৰকাৰে শিক্ষা লাভ কৰিছে ‘কা’ আন্দোলনৰ গুৰি ধৰোতা সদৌ অসম ছাত্ৰ সন্থাই।

কিয়নো ‘কা’ আন্দোলনক লৈ পুনৰ বাৰ সোচ্চাৰ হৈছে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য।

টুইটযোগে নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক CAA বাতিল কৰিবলৈ দাবী জনোৱাৰ লগতে কৃষক আন্দোলনৰ প্ৰসংগও উত্থাপন কৰা পৰিলক্ষিত হৈছে।

টুইটযোগে ড০ ভট্টাচাৰ্য্যই কয় ‘সমগ্ৰ দেশৰ কৃষিজীৱি জনসাধাৰণৰ আন্দোলনৰ ওচৰত সেওঁ মানি কেন্দ্ৰীয় চৰকাৰে কৃষক বিৰোধী কৃষি আইন বাতিল কৰিবলৈ বাধ্য হ’ল। চৰকাৰৰ অন্যায় আৰু অবিচাৰৰ কথা প্ৰমাণ হ’ল। এতিয়া অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া বিৰোধী #CAA শীঘ্ৰে বাতিল কৰক’

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button