অসমীয়াঅসম

পুনৰ ৰেগিং কাণ্ড! এইবাৰ কনিষ্ঠ ছাত্ৰক ৰেগিঙৰ অপৰাধত বহিস্কাৰ কৰা হ’ল শিলচৰ ডেণ্টেল কলেজৰ ১৪ জন শিক্ষাৰ্থীক…

নিউজ ডেস্কঃ ৰাজ্যত পুনৰ ৰেগিং কাণ্ড।

ৰেগিঙৰ অপৰাধত এইবাৰ বহিস্কাৰ শিলচৰ ডেণ্টেল কলেজৰ ১৪ জন ছাত্ৰক।

যোৱা ১ ডিচেম্বৰত ডেণ্টেল কলেজখনৰ হোষ্টেলৰ এগৰাকী কনিষ্ঠ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগ উত্থাপন হৈছিল।

ইয়াৰ পিছতে চেণ্ট্ৰেল এণ্টি ৰেগিং কমিটীক অভিযোগ দাখিল কৰিছিল কলেজ কৰ্তৃপক্ষই।

পৰৱৰ্তী সময়ত এই ৰেগিং কাণ্ডৰ তদন্তৰ বাবে কাছাৰ জিলা উপায়ুক্তই গঠন কৰি দিছিল এখন তদন্ত কমিটী।

কমিটীৰ প্ৰতিবেদনৰ পিছতে ডেণ্টেল কলেজৰ পৰা বহিস্কাৰ কৰা হয় ১৪ জন শিক্ষাৰ্থীক।

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যত পোহৰলৈ আহিছে কেইবাটাও ৰেগিঙৰ ঘটনা।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জ্যেষ্ঠ ছাত্ৰৰ ৰেগিঙৰ পৰা ৰক্ষা পৰিবলৈ দুমহলাৰ পৰা জঁপিয়াই গুৰুতৰভাৱে আহত হৈছিল আনন্দ শৰ্মা নামৰ এজন ছাত্ৰ।

Related Articles

Back to top button