fbpx
অসম

পুনৰ ৰেগিং কাণ্ডঃ জ্যেষ্ঠ ছাত্ৰই কনিষ্ঠক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰাৰ অভিযোগ, চিকিৎসাধীন…

ৰাজ্যত পুনৰ ৰেগিং কাণ্ড।

জ্যেষ্ঠ ছাত্ৰই বিৰুদ্ধে কনিষ্ঠ ছাত্ৰই উত্থাপন কৰিছে প্ৰহাৰ কৰাৰ অভিযোগ।

কনিষ্ঠ ছাত্ৰক ক্ৰিকেট বেটেৰে প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ দুজনকৈ ছাত্ৰৰ বিৰুদ্ধে।

দাংতল ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঞ্চাইধামৰ কোকৰাঝাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনা।

অভিযোগ অনুসৰি ১১ মে’ৰ নিশা উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ দুজনকৈ ছাত্ৰই বঙাইগাঁও জিলাৰ বৰপথাৰৰ ছাত্ৰ ইমামুল হুছেইনক ক্ৰিকেট বেটেৰে বেয়াকৈ মাৰ-ধৰ কৰে।

অভিযোগ উত্থাপন হোৱা ছাত্ৰ দুজন দ্বীপ আৰু গুঞ্জন বুলি জানিব পৰা গৈছে।

উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত ছাত্ৰজন সম্প্ৰতি চিকিৎসাধীন হৈ আছে।

আনহাতে শিক্ষক নাইবা অভিভাৱকক ঘটনা অৱগত কৰালে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰা বুলিও প্ৰহৃত ছাত্ৰজনে জানিব দিয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত চিৰাং জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছে আমছুৱে।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!