অসম
পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ৩ অসম কন্যা! খেলো ইণ্ডিয়া ৱ’মেন এথলেটিকছত ৰূপৰ পদক অৰ্জন অংকিতাৰ

পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল তিনিগৰাকী অসম কন্যা।
খেলো ইণ্ডিয়া ৱ’মেন এথলেটিকছত ৰূপৰ পদক অৰ্জন কলিয়াবৰৰ অংকিতা শইকীয়াৰ।
সৰুসজাই ষ্টেডিয়ামত অসম এথলেটিক এছ’ছিয়েচনৰ উদ্যোগত আয়োজিত প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত অংকিতাই ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়।
ইয়াৰোপৰি, কলিয়াবৰৰ আন দুই উদীয়মান মহিলা ফুটবলাৰ চিমি গগৈ আৰু দীপিকা গগৈক অসম মহিলা ফুটবল দলৰ বাচনি শিৱিৰলৈ আমন্ত্ৰণ লাভ কৰিছে।
কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ হৈ খেলা অংকিতাই নগাঁও জিলাৰ হৈ উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰে।
অংকিতাই সম্প্ৰ্তি কোকৰাঝাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত প্ৰশিক্ষণ লৈ আছে।
কলিয়াবৰৰ পৰা ৰাজ্যিক পৰ্যায়ত দেখুওৱা উন্নত প্ৰদৰ্শনৰ বাবে তিনিওগৰাকী যুৱ খেলুৱৈৰ সফলতাই কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজক উৎফুল্লিত কৰি তুলিছে।