অসম
পুনৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ যাব নেকি BTC? সৰ্বত্ৰে চলিছে চৰ্চা…

শীঘ্ৰেই সলনি হ’ব পাৰে BTC চৰকাৰ!
প্রমোদ বড়োক আঁতৰাই পুনৰ হাগ্রামা মহিলাৰী হ’ব CEM !
বিটিচিৰ চৰকাৰ অচিৰেই সলনি হৈ নতুন চি ই এম হব পাৰে হাগ্ৰামা মহিলাৰী।
বিজেপি পাৰিষদে নিজেই স্বীকাৰ কৰিছে যে, তেওঁ সমৰ্থন আগবঢ়াব বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক।
জানিব পৰা মতে, বিজেপিৰ খৈৰাবাৰী পাৰিষদগৰাকীয়ে এই সন্দৰ্ভত হাগ্ৰামা মহিলাৰীৰ সৈতে এক বৈঠকতো মিলিত হৈছে।
ই এম পদবীৰ বিপৰীতে এই বিজেপি পাৰিষদগৰাকীয়ে হাগ্ৰামা মহিলাৰীক সমৰ্থন জনাব বুলিও চৰ্ত আৰোপ কৰিছে।
আনহাতে, হাগ্ৰামা মহিলাৰীয়ে নেপালত কেইবাগৰাকীও ইউ পি পি এলৰ পাৰিষদৰ সৈতে বৈঠকত মিলিত হোৱা বুলি খবৰ প্ৰকাশ পাইছে।
উল্লেখ্য যে, নিৰ্বাচনত সবাতোকৈ বেছি আসন লাভ কৰাৰ পাছতো চৰকাৰ গঠন কৰিব নোৱাৰা হাগ্ৰামা মহিলাৰীয়ে প্ৰথমৰে পৰাই বিটিচি পুনৰ নিজৰ হাতলৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিছিল।