পুনৰ সীমান্তৰ পৰা অৰুণাচল প্ৰদেশৰ কিশােৰক ‘অপহৰণ’ চীনা সৈন্যৰ!

লাডাখৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰত আৰু চীনৰ মাজত সংঘাত অব্যাহত আছে। কিন্তু কেৱল লাডাখে নহয়, চীনৰ সেনাই ভাৰত-চীন সীমান্তৰ আন একাধিক ঠাইতাে সীমা অতিক্ৰম কৰাৰ লগতে ভাৰতৰ ভূমি বেদখল কৰিবলৈ অপচেষ্টা অব্যাহত ৰাখিছে।

ইপিনে, চীনৰ সেনাই অৰুণাচল প্ৰদেশতাে আন্তঃৰাষ্ট্ৰীয় সীমাত নিজৰ অবৈধ কাৰ্যকলাপ অব্যাহত ৰাখিছে।

শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি, চীনৰ পিপলছ লিবাৰেচন আৰ্মীয়ে (পিএলএ) অৰুণাচল প্ৰদেশৰ সীমান্তৰ পৰা এজন ১৭ বছৰীয়া কিশােৰক অপহৰণ কৰিছে।

ৰাজ্যখনৰ সাংসদ টাপিৰ গাওয়ে টুইট কৰি এই কথা প্ৰকাশ কৰিছে।

1

সাংসদগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, যােৱা ১৮ জানুৱাৰীত ৰাজ্যখনৰ আপাৰ চিয়াং জিলাৰ চীনে বেদখল কৰা অঞ্চলৰ সমীপৱৰ্তী অঞ্চলৰ পৰা কিশােৰজনক অপহৰণ কৰে।

সাংসদজনে প্ৰকাশ কৰা অনুসৰি, পিএলএ-য়ে আন এজন যুৱককাে অপহৰণ কৰিবলৈ অপচেষ্টা চলাইছিল যদিও কিন্তু যুৱকজনে কােনােমতে পলাই যাবলৈ সক্ষম হৈছিল।

এই যুৱকজনে স্থানীয় প্ৰশাসনক তেওঁৰ সংগীৰ অপহৰণৰ বিষয়ে অৱগত কৰিছিল।

গাওৱে কৈছিল যে তেওঁ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী নীতিশ প্ৰমানিকক তথ্য প্ৰদান কৰিছে আৰু চৰকাৰী সংস্থাসমূহৰ জৰিয়তে শীঘ্ৰেই তেওঁৰ মুক্তিদাবী কৰিছে।

2

উল্লেখ্য যে ইং ২০২০ চনৰ ছেপ্টেম্বৰ মাহতাে চীনা সৈন্যই অৰুণাচল প্ৰদেশৰ আপাৰ সােৱণশিৰি জিলাৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা পাঁচজন যুৱকক অপহৰণ কৰিছিল।

এই বিষয়ে সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পােৱাৰ পাছত তদানীন্তন কেন্দ্ৰীয় ৰাজ্যিক গৃহ মন্ত্ৰী কিৰেন ৰিজিজুৱে বিষয়টো চীন চৰকাৰৰ সৈতে আলােচনাৰ পাছতে অপহৃত লোকসকলৰ মুক্তি দিয়া হৈছিল।

Leave a Comment