পুনৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা পদত ডঃ সমুজ্জ্বল ভট্টাচাৰ্য!

March 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পুনৰ সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ মুখ্য উপদেষ্টাৰ পদত অধিষ্ঠিত হ’ল ডঃ সমুজ্জ্বল ভট্টাচাৰ্য।

আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তমৰ্মে ডঃ ভট্টাচাৰ্যক মুখ্য উপদেষ্টাৰ দায়িত্ব আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

ইয়াৰ লগতে উদ্দীপজ্যোতি গগৈ আৰু প্ৰকাশ চন্দ্ৰ দাসক ছাত্ৰ সন্থাৰ উপদেষ্টাৰ দায়িত্ব প্ৰদান কৰা হয়।

উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হৈছিল আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ শেহতীয়া সভা।

গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কাৰ্যলয়ত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাত “কা”ৰ লগতে বিধানসভা নিৰ্বাচনত আছুৱে গ্ৰহণ কৰিবলগীয়া ভূমিকা সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে কাৰ্যনিৰ্বাহকে।

উল্লেখ্য, সােমবাৰে গুৱাহাটী স্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত অনুষ্ঠিত হ’বলগীয়া আছুৰ সাধাৰণ সভাত কাৰ্যনিৰ্বাহকে গ্ৰহণ কৰা সিদ্ধান্তসমূহ গৃহীত হ’ব।

লগতে চাওকঃ

সুৰা সৰবৰাহকাৰীৰ অভিনৱ কৌশল দেখি হতবাক আনন্দ মহিন্দ্ৰা! ক’লে এই কথা…