পুনৰ লকডাউন! কােৰােনাক নিয়ন্ত্ৰণ কৰিবলৈ লকডাউন বলৱৎ কৰাৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

May 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বৰ্তমানৰ ক’ভিড পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি নতুন বিধি প্ৰস্তুত কৰিবৰ বাবে কেন্দ্ৰ আৰু ৰাজ্যলৈ নিৰ্দেশ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে।

ক’ভিড পৰিস্থিতি যাতে মষিমূৰ কৰিব পৰা যায়, সেই উদ্দেশ্যেৰে বিধি প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে।

ন্যায়ালয়ে লগতে কয় যে প্ৰতিষেধক প্ৰদানৰ বাবে যাতে পৰ্যাপ্ত স্বাস্থ্য কৰ্মী উপলব্ধ থাকে আৰু সামৰিক আৰু অৰ্ধ সামৰিক বাহিনী মজুত থাকে, তাৰ ওপৰত গুৰুত্ব ৰখা উচিত।

উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্যক নিৰ্দেশ দি কয় যে, “আমি গুৰুত্ব সহকাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক জন সমাগম আৰু গণ সংক্ৰমণ হ’ব পৰা আচাৰ অনুষ্ঠান সমূহ বন্ধ কৰিবলৈ নিৰ্দেশ দিছো। জন সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় পৰ্যায়ৰ কোৰোনা ভাইৰাছক প্ৰতিৰোধ কৰিবলৈ তেওঁলোকে লকডাউনৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিবেচনা কৰিব পাৰে। অৱশ্যে লকডাউনে সামাজিক আৰু অৰ্থনৈতিক দিশটোত প্ৰভাৱ পেলাব। বিশেষকৈ সমাজৰ খাটিখোৱা লোকসকল ক্ষতিগ্ৰস্ত হব। গতিকে লকডাউন প্ৰযোজ্য কৰাৰ পূৰ্বে সেই শ্ৰেণীৰ লোকৰ কথা চিন্তা কৰি লব।”

দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক এইটোও কয় যে, “অক্সিজেনৰ উপলব্ধতা, সুলভ মূল্যত প্ৰতিষেধক উপলব্ধতা, সহজসাধ্য দামত ক্ৰয় কৰিব পৰাকৈ অত্যাৱশ্যকীয় ঔষধৰ উপলব্ধতা আদি বিষয় সমূহ আপোনালোকে পৰ্যালোচনা কৰি লব।” সমাজৰ কোনো লোকে যাতে হাৰাশাস্তি অথবা নিৰ্যাতনৰ সন্মুখীন নহয়, সেই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আদি সকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জাননী প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। সামাজিক মাধ্যমত এনে খবৰ ওলালে তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লব উচ্চতম ন্যায়ালয়ে।

চিকিৎসালয়ত ৰোগীক ভৰ্তিৰ বাবে এক ৰাষ্ট্ৰীয় নীতি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আনকি দুসপ্তাহৰ সময় দিয়ে ন্যায়ালয়ে। লগতে ৰাজ্য সমূহক প্ৰয়োজনীয় অক্সিজেন যোগান ধৰিবলৈ নিৰ্দিষ্ট ব্যৱস্থা লবলৈয়ো কেন্দ্ৰীয় চৰকাৰক ন্যায়ালয়ে নিৰ্দেশ দিয়ে।