অসম

পুনৰ বিতৰ্কত APSCৰ নিযুক্তি প্ৰক্ৰিয়া, ভুৱা EWS প্ৰমাণ-পত্ৰৰে নিযুক্তি দিয়াৰ অভিযোগ…

পুনৰ বিতৰ্কত অসম লোকসেৱা আয়োগৰ নিযুক্তি প্ৰক্ৰিয়া।

সদ্যঘোষিত APSCৰ CCEৰ নিযুক্তিত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভযোগ উত্থাপন হৈছে।

ভুৱা EWS প্ৰমাণ-পত্ৰৰে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন হৈছে।

প্ৰায় ১০গৰাকী প্ৰাৰ্থীক অবৈধভাৱে নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

APSCত EWSৰ কোটাত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ সংগঠনটোৱে।

২০১৯ চনৰ সংশোধিত আইন অনুসৰি EWSৰ বাবে ১০% সংৰক্ষণ থাকে। শেহতীয়া নিযুক্তিত EWSৰ শিতানত ১০%তকৈ অধিকক নিযুক্তি দিয়াৰ অভিযোগ সংগঠনটোৰ।

৩৩১টা পদৰ ১০% হ’লে ৩৩-৩৪গৰাকী EWS প্ৰাৰ্থীয়ে পাব লাগে নিযুক্তি। কিন্তু EWS শিতানত নিযুক্তি দিয়া হৈছে ৪৩গৰাকী প্ৰাৰ্থীক।

ফলাফলৰ নম্বৰ ৰাজহুৱা নকৰাক লৈও সৰৱ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি।

মুখ্যমন্ত্ৰীক বিষয়টোৰ তদন্তৰ দাবী জনাইছে সংগঠনটোৱে।

Related Articles

Back to top button