পুনৰ বিতৰ্কত কেন্দ্ৰীয় বিদ্যালয়! এইবাৰ ৯ গৰাকী ছাত্ৰীক যৌন উৎপীড়ন চলাই গ্ৰেপ্তাৰ অধ্যক্ষ

নিউজ ডেস্কঃ এখন কেন্দ্ৰীয় বিদ্যালয়ৰ ৯ গৰাকীকৈ ছাত্ৰীৰ অভিভাৱকে অধ্যক্ষৰ বিৰুদ্ধে ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে লম্পট অধ্যক্ষগৰাকীক।

এই লজ্জাজনক কাণ্ড সংঘটিত হৈছে অৰুণাচল প্ৰদেশৰ উজনি সোৱণশিৰী জিলাস্থিত কেন্দ্ৰীয় বিদ্যালয়ত। বিদ্যালয়খনৰ কেইবাগৰাকীও ছাত্ৰীৰ অভিভাৱকে অধ্যক্ষজনৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভাৰপ্ৰাপ্ত অধ্যক্ষ অখিলেশ্বৰ সিঙক।

বিদ্যালয়খনৰ ছাত্ৰীৰ অভিযোগ অনুসৰি, অধ্যক্ষ অখিলেশ্বৰ সিঙে পাঠদানৰ সময়ত প্ৰায়ে ছাত্ৰীৰ গোপন অংগত হাত দিছিল। ছাত্ৰীসকলে ইয়াৰ বিৰোধিতা কৰিলেই বিভিন্ন প্ৰকাৰে ভয় দেখুওৱা হৈছিল।

কিন্তু ছাত্ৰীসকলে অধ্যক্ষজনৰ জঘন্য আচৰণৰ বিষয়ে অভিভাৱক অৱগত কৰাৰ পিছতে অভিভাৱকে অখিলেশ্বৰ সিঙৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

দাপোৰিজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টোকেন ডুবিয়ে জানিবলৈ দিয়া মতে, অভিযুক্ত অখিলেশ্বৰ সিঙৰ বিৰুদ্ধে দাপোৰিজো আৰক্ষী থানাত ৩৫৪ আইপিচি আৰ/ডব্লিউ ৭ ধাৰাত পকচো আইনৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। অভিযুক্ত সিং বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।

ইফালে ভুক্তভোগীসকলৰ বিবৃতি লিপিবদ্ধ কৰি পৰৱৰ্তী অনুসন্ধান চলাই আছে আৰক্ষীয়ে। অইনহাতে লম্পট অধ্যক্ষজনৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী জনাইছে অভিভাৱক তথা সচেতন মহলে।