পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকক হত্যা, কৰ্মসূত্ৰে মণিপুৰত থকা বাজু বৰাক নৃশংস হত্যা দুৰ্বৃত্তৰ…

বহিঃৰাজ্যত পুনৰ হত্যাৰ বলি হ’ল অসমৰ যুৱক।

কৰ্মৰ সন্ধানত মণিপুৰলৈ যোৱা এগৰাকী অসমীয়া যুৱকৰ নৃশংস হত্যাকাণ্ডই তিতাবৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিহত যুৱকজন তিতাবৰৰ বগাৰগাঁৱৰ বালিপৰীয়া নিবাসী বাজু বৰা।

জানিব পৰামতে মণিপুৰৰ ভি ভি আৰ মাইনিং নামৰ কোম্পানী এটাত ড্ৰাইভাৰৰূপে কৰ্মৰত হৈ আছিল যুৱকজন। বিগত ৯ মাহ ধৰি উক্ত কোম্পানীটোত কৰ্মৰত হৈ থকা বাজু বৰা যোৱা দুৰ্গা পূজাৰ সময়ত তিতাবৰৰ বগাৰগাঁৱৰ ঘৰলৈ আহি পৰিয়ালৰ লগত একেলগে পূজাও উপভোগ কৰিছিল।

কিন্তু সোমবাৰে হঠাৎ নিশা দহ বজাত মণিপুৰত একেলগে কৰ্মৰত হৈ থকা বাজু বৰাৰ এগৰাকী সহকৰ্মীয়ে পৰিয়ালক ফোনযোগে অৱগত কৰে যে কোম্পানীটোৰ কেইগৰাকীমান মানুহৰ লগত বাজু বৰাৰ বাক-বিতণ্ডা আৰু পাচত প্ৰচণ্ড মাৰপিটত লিপ্ত হোৱাৰ ফলত চিকিৎসালয়লৈ নি থকা অৱস্থাত বৰাৰ মৃত্যু হয়।

মণিপুৰৰ সেনাপতি জিলাৰ টৌনজয় থানাৰ অধীনৰ টৌনজয়ত মাইনিং কোম্পানীটোৰ কৰ্মচাৰীসকলে কেম্প কৰি আছিল। নিশা সাত বজাতো বাজু বৰাই কেইগৰাকীমান কৰ্মচাৰীক কৰ্মস্থলীত গাড়ীৰে নমাই থৈ অহাৰ পাচত নিজৰ কোঠাত সোমাই আছিল। কিন্তু কোম্পানীটোত কৰ্মৰত হৈ থকা চাৰিজন বিহাৰী সম্প্ৰদায়ৰ যুৱকে তেওঁক কোঠাৰ বাহিৰলৈ মাতি আনি অতি নির্মমভাৱে বুকু, পিঠি আৰু মুখমণ্ডলত প্ৰহাৰ কৰি আহত কৰে।

চাৰি যুৱকৰ অতর্কিত আক্ৰমণত উশাহ-নিশাহত কষ্ট অনুভৱ কৰা যুৱকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়ে যদিও আধাবাটতে তেওঁৰ মৃত্যু হয়।

পৰিয়ালৰ লোকে জানিবলৈ দিয়ামতে মাৰপিটত লিপ্ত হোৱা চাৰিজন লোকক কোম্পানীটোৱে চিনাক্ত কৰিছে। অপাৰ্টেৰ পাপু, সুশীল, ড্রিলিং অপাৰ্টেৰ ঈশ্বৰ আৰু তেওঁৰ এগৰাকী সহযোগীয়ে হত্যাকাণ্ডটো সংঘটিত কৰিছে।