পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু, কৰ্ম সংস্থাপন বিচাৰি গৈ মৃত্যুক সাৱটিলে নবীন-লোকনাথে…

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ ৰহস্যজনক মৃত্যু।

বহিঃৰাজ্যলৈ কৰ্ম সংস্থাপন বিচাৰি গৈ মৃত্যুক সাৱটিলে নবীন-লোকনাথ নামৰ দুই যুৱকে।

কৰ্মসংস্থাপনৰ বাৱে বহিঃৰাজ্যলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল’লে চৰাইদেউ জিলাৰ সোণাৰিৰ বৰহ গাঁৱৰ নবীন শইকীয়া (২৭) নামৰ যুৱকজনে।

যোৱা ৪ ডিচেম্বৰত চেন্নাইলৈ বুলি সমনীয়াৰ সৈতে কৰ্মসংস্থাপনৰ বাবে ঘৰৰ পৰা ৰে’লযোগে যাত্ৰা আৰম্ভ কৰে যদিও শেহতীয়াকৈ ওড়িশাৰ বঢ়মপুৰত নবীনৰ মৃতদেহ উদ্ধাৰ হৈছে।

লগতে সহযাত্ৰী হিচাপে যোৱা ধুনীয়াপথাৰ গাঁৱৰ ৰাজেশ ঘাটোৱাৰ নামৰ আন এগৰাকী যুৱকো বৰ্তমানেও সন্ধানহীন।

আনহাতে, চৰাইদেউ জিলাৰে সোণাৰিৰ সাপেখাতীৰ মৰাণহাবী গাঁৱৰ সৎৰাম গগৈৰ পুত্ৰ লোকনাথ গগৈয়ে আজি দীৰ্ঘদিন ধৰি অন্ধ্ৰ প্ৰদেশত কৰ্মৰত হৈ আছিল।

কিন্তু বৃহস্পতিবাৰে যুৱকজনৰ মৃতদেহ অৰ্ধ–উলংগ অৱস্থাত উদ্ধাৰ হয়।

দুয়োগৰাকী যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ সৃষ্টি হৈছে চাঞ্চল্যৰ।