পুনৰ বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, হত্যা কৰাৰ সন্দেহ পৰিয়ালৰ লোকৰ…

পুনৰ বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু।
মৃত যুৱতীগৰাকী নুুমলীগড়ৰ মৰঙী মৌজাৰ মুৰফুলনীৰ কৰ্দৈগুৰিৰ ভানু দাস বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, যুৱতীগৰাকী আঠ মাহ পূৰ্বে সন্ধানহীন হৈছিল। সন্ধানহীন হোৱাৰ পাছতে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে বগীজান থানাৰ সন্ধানহীন হোৱা বুলি এজাহাৰ দিছিল।
কিন্তু কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে। যাৰ বাবে এতিয়া ভানু দাস নামৰ যুৱতীগৰাকী চেন্নাইৰ cengalpattu medical College hospital ত মৃত্যু হোৱা খবৰে মৰ্মাহত কৰি তুলিছে পৰিয়ালৰ লোকক।
লগতে বহিঃৰাজ্যত যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
ইপিনে পৰিয়ালৰ লোকে অভিযোগ কৰিছে যে, বগীজান থানাত গোচৰ দিবলৈ গৈছিল যদিও গোচৰ নললে বগীজান আৰক্ষীয়ে।
যিহেতু যুৱতীগৰাকীৰ চেন্নাইত মৃত্যু হৈছে সেই বাবে চেন্নাইতে গোচৰ ৰুজু কৰিব লাগিব পৰিয়ালৰ লোকক ঘূৰাই পঠিয়াই আৰক্ষীৰ লোকে।
আনফালে পৰিয়ালৰ লোকে জানিবলৈ দিছে যে যুৱতীগৰাকীক সাগৰ লামা আৰু নানো নামৰ মহিলাই লৈ গৈছিল।
তেওঁলোক দুজনে হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।