অসম
পুনৰ ফেচবুকত আলফাৰ সমৰ্থনত পোষ্ট দি গ্ৰেপ্তাৰ হ’ল ৪ যুৱক…

পুনৰ ফেচবুকত আলফাৰ সমৰ্থনত পোষ্ট দি গ্ৰেপ্তাৰ হ’ল ৪ যুৱক।
লখিমপুৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আলফাৰ সমৰ্থনত ফেচবুক পোষ্ট দি চাৰিজনকৈ যুৱকক।
লগতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় দুজন আলফাৰ লিংক মেন।
যুৱক কেইজন হৈছে- তপন ফুকন ওৰফে ভৱানী খাখলাৰী, প্ৰাঞ্জল বৰুৱা, বৈদ্যনাথ দেউৰী ওৰফে বৈজ্ঞানিক আৰু উৎপল গগৈ ওৰফে ধন।
আনহাতে গ্ৰেপ্তাৰ হোৱা আলফাৰ লিংক মেন দুজন ক্ৰমে- দীপক শইকীয়া ওৰফে লুকু শইকীয়া আৰু জিতু মুদৈ ওৰফে ৰাণা ভৰালী।
আটাই কেইজনকে লখিমপুৰ থানাতে ৰাখি জেৰা অব্যাহত ৰাখিছে লখিমপুৰ আৰক্ষীয়ে।