অসমীয়াঅসম

পুনৰ নিৰ্মাণ কৰা হ’ব ৰাজ্যৰ ১০০০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰঃ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

নিউজ ডেস্কঃ ৰাজ্যৰ ১০০০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় ভাঙি নতুনকৈ নিৰ্মাণ কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰে।

দেওবাৰে নিজে পঢ়া কামৰূপ একাডেমী পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ সন্মুখত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

ৰাজ্যৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে ৮-৯ খনকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ক নতুন ৰূপ দিয়াৰ আঁচনি গ্ৰহণ কৰিছে চৰকাৰে।

মুঠ ৫০০০ হাজাৰ কোটি টকা ব্যয়ৰে ১০০০ খন বিদ্যালয়ৰ পুনৰ নিৰ্মাণ কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীয়ে।

বিদ্যালয়ৰ পূৰ্বৰ আন্তঃগাঁথনি ভাঙি প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে একেটা স্থানতে শ্ৰেণীকোঠাসমূহ নিৰ্মাণ কৰা হ’ব।

প্ৰাৰম্ভিক পৰ্যায়ত গুৱাহাটী আৰু দাঁতি কাষৰীয়া অঞ্চলৰ ১০ খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৰা হ’ব পুূনৰ নিৰ্মাণ।

আগন্তুক ৩ বছৰৰ ভিতৰত এই নিৰ্মাণকাৰ্য সম্পন্ন কৰি এটা দশকৰ ভিতৰত ৰাজ্যৰ গোটেই বিদ্যালয়সমূহৰ পুনৰ নিৰ্মাণৰ পৰিকল্পনা কৰা বুলি জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related Articles

Back to top button