অসম

পুনৰ নগাঁও আৰক্ষীত চেকা! এইবাৰ এগৰাকী ASI-ৰ বিৰুদ্ধে ৰুজু হ’ল ডকাইতিৰ গোচৰ, কিন্তু কিয়?

পুনৰ নগাঁও আৰক্ষীত চেকা!

এইবাৰ এগৰাকী ASI-ৰ বিৰুদ্ধে ৰুজু হ’ল ডকাইতিৰ গোচৰ।

কেইদিনমানৰ আগলৈকে সুদখোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ জনসাধাৰণৰ মাজত প্ৰশংসিত হোৱা নগাঁও আৰক্ষীৰ বিৰুদ্ধে এতিয়া ৰুজু হৈছে সুদখোৰৰ হৈ গুণ্ডামি কৰাৰ গোচৰ।

ৰূপহীহাট আৰক্ষী থানাত কৰ্মৰত আফচৰউদ্দিন আহমেদৰ বিৰুদ্ধে সুদখোৰৰ হৈ গুণ্ডামি কৰাৰ অভিযোগত ডকাইটিৰ গোচৰ ৰুজু কৰিছে এলিজা ৰহমান নামৰ এগৰাকী মহিলাই।

জানিব পৰামতে, এলিজাৰ স্বামী এমদাদুল ইছলাম এগৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্ত লোক। এমদাদুলৰ পিতৃয়ে তেঁওৰ চিকিৎসাৰ বাবে আব্দুল জলিল নামৰ এগৰাকী সুদ মাফিয়াৰ পৰা ১লাখ ২৫হাজাৰ টকা সুদত লৈছিল। এমদাদুলৰ পিতৃয়ে আব্দুলক ১লাখ ২৫হাজাৰ টকা ঘূৰাই দিয়ে যদিও সুদৰ ধন উভতাই দিয়াত ব্যৰ্থ হয়।

ইয়াৰ পিচৰে পৰা ৰূপহীহাট আৰক্ষীৰ বিষয়া আফচৰউদ্দিনক লগত লৈ আব্দুলে এমদাদুলৰ ঘৰত বহুবাৰ ধন বিচাৰি ধমকি দিয়োৰ অভিযোগ উত্থাপন হৈছে।

সুদৰ ধন আদায় দিব নোৱাৰাৰ বাবেই আফচৰউদ্দিনে এমদাদুলৰ পিতৃৰ দুখন মটৰচাইকেলো জব্দ কৰি লৈ যায়। লগতে এমদাদুল ইছলামক থানাত নি বেয়াকৈ মাৰধৰ কৰাত তেঁও গুৰুত্বৰ ভাৱে আহত কৰাৰো অভিযোগ তুলিছে।

এমদাদুলৰ অৱস্থা সংকটজনক হোৱাত তেঁওক আৰক্ষীয়ে প্ৰথমে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছত তেজপুৰৰ মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইয়াৰ পিছতে এমদাদুলৰ পত্নী এলিজা ৰহমানে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৯২/ ৩২৫/ ১৬৬ ধাৰাৰ অধীনত ২২৯১/২২ নম্বৰত এটা গোচৰ ৰুজু কৰে।

Related Articles

Back to top button