পুনৰ তোলপাৰ পশ্চিম বংগৰ ৰাজনীতি! মন্ত্ৰী, বিধায়ক সহ নিগমৰ অধ্যক্ষক গ্ৰেপ্তাৰ চি বি আইৰ

May 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। যি সময়ত সমগ্ৰ পশ্চিম বংগত কোৰোনাই লৈছে কাল ৰূপ। তেনে সময়তে নাৰদা কাণ্ডই লৈছে নতুন মােৰ।

সোমবাৰে পুৱাই কলকাতাৰ প্ৰাক্তন মেয়ৰ, তৃণমূলৰ বিধায়ক তথা বৰ্তমানৰ পৰিবহন মন্ত্ৰী ফিৰহাদ হাকিমৰ ঘৰত হাজিৰ হয় কেন্দ্ৰীয় তদন্তকাৰী সংস্থা তথা চি বি আইৰ এটা বৃহৎ দল।

পুৱা ৯:৩০ বজাতেই মন্ত্ৰীজনক নিজ ঘৰত গ্ৰেপ্তাৰ কৰে চি বি আইৰ দলটোৱে। আনহাতে চি বি আইয়ে গ্ৰেপ্তাৰ কৰে মন্ত্ৰী সুব্ৰত মুখোপাধ্যায়, তৃণমূল বিধায়ক মদন মিত্ৰ আৰু প্ৰাক্তন বিধায়ক শুভন চট্টোপাধ্যায়ক।

গ্ৰেপ্তাৰ কৰি দুয়োকে লৈ যোৱা হয় নিজাম পেলেচলৈ। চি বি আইৰ সূত্ৰ অনুসৰি তাতে তেওঁলোকক সোধা-পোচা কৰা হ’ব বুলি জনা যায়। গ্ৰেপ্তাৰ কৰা আটাইকেইজনৰ বিৰুদ্ধে আদালতত দাখিল কৰা হব চাৰ্জশ্বীট।

গ্ৰেপ্তাৰ কৰা চাৰিওজনৰ বিৰুদ্ধে আছে ২০১৬ চনৰ সেই কাণ্ডত টকা লোৱাৰ অভিযোগ। ৪-৫ লাখকৈ টকা আটাইকেইজনে লৈছিল সেইসময়ত।

গ্ৰেপ্তাৰৰ সময়ত মন্ত্ৰী ফিৰহাদ হাকিমে সংবাদ মাধ্যমত কয়- “নাৰদা কাণ্ডৰ বাবে মোক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰিছে চি বি আইয়ে। আদালতত ইয়াৰ বিচাৰ হব।”

উল্লেখ্য যে ৰাজ্যপাল জগদীশ ধনখেডৰ অনুমতি লৈ আটাইজনক গ্ৰেপ্তাৰ কৰিছে চি বি আইয়ে।

এই খবৰ বিয়পি পৰাৰ লগে লগেই প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে। প্ৰতিবাদ কৰি তেওঁলোকক গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে। তাৰ বিপৰীতে ৰাজ্যপালে আটাইকেইজন গ্ৰেপ্তাৰ কৰা বিধায়কৰ বিৰুদ্ধে আদালতত চাৰ্জশ্বীট দাখিলৰ অনুমতি প্ৰদান কৰে। অৱশ্যে বিধায়কক গ্ৰেপ্তাৰৰ আগত অনুমতি লব লগা হয় বিধানসভাৰ অধ্যক্ষৰ। কিন্তু তাৰ বিপৰীতে বিধায়কক গ্ৰেপ্তাৰৰ অনুমতি দিলে ৰাজ্যপালে।

সেই বিষয় লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তৃণমূল নেতা-কৰ্মীয়ে। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও প্ৰকাশ কৰিছে তীব্ৰ অসন্তুষ্টি। বিধানসভাৰ অধ্যক্ষই এইয়া আইন বিৰোধী কাৰ্য বুলি প্ৰকাশ কৰিছে তীব্ৰ অসন্তুষ্টি।

উল্লেখ্য যে নাৰদা কাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰিছে একালৰ তৃণমূলৰ নেতা তথা বৰ্তমান বিজেপি বিধায়ক শুভেন্দু অধিকাৰীৰ। সেই সময়ত তেওঁ আছিল তৃণমূলৰ সাংসদ। কিন্তু তেওঁৰ নাম বৰ্তমান অন্তৰ্ভুক্ত হোৱা নাই চাৰ্জশ্বীটত। যদি তেওঁৰ নাম দিব লগা হয় তেন্তে লোকসভাৰ অধ্যক্ষৰ অনুমতি ল’ব লাগিব বুলি উল্লেখ কৰে চি বি আইয়ে। আনহাতে মমতা বেনাৰ্জীয়ে শুভেন্দু অধিকাৰীৰ নাম অন্তৰ্ভুক্ত নোহোৱাক লৈ তুলিছে প্ৰশ্ন।