পুনৰ ডাম্পাৰৰ দৌৰাত্ম্য! পুৱা বাতৰি কাকত বিলাই ওভতাৰ পথতে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু হকাৰৰ…

নিউজ ডেস্কঃ পুনৰ ডাম্পাৰৰ দৌৰাত্ম্যই প্ৰাণ কাঢ়িলে এজনৰ।

বাক্সা জিলাৰ জাখলিত মঙলবাৰে পুৱা তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত মৃত্যু এগৰাকী হকাৰৰ।

নিহত লোকজনক বৰপেটা ৰোডৰ গান্ধাৰীপাৰৰ আব্দুল লতিফ বুলি জানিব পৰা গৈছে।

জানিব পৰামতে, আব্দুল লতিফে পুৱা বাতৰি কাকত বিলাই বাইকেৰে ঘৰলৈ ওভতাৰ সময়তে তেওঁক খুন্দা মাৰে এএছ ১৫এচি ১৫২৬ নম্বৰৰ তীব্ৰবেগী ডাম্পাৰখনে।

এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু ঘটে হকাৰজনৰ।

ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ডাম্পাৰখন এৰি পলায়ন কৰে চালকজনে।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত শিমলাগুৰি আৰক্ষী উপস্থিত হৈ ডাম্পাৰখন জব্দ কৰে।

আৰক্ষীয়ে গোচৰ ৰুজু কৰি ডাম্পাৰ চালকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।