fbpx
অসমঅসমীয়া

পুনৰ ডাম্পাৰৰ দৌৰাত্ম্য! বিয়া খাই ওভতাৰ পথতে ডাম্পাৰৰ খুন্দাত মৃত্যু যুৱতীৰ, আহত ভাতৃ

নিউজ ডেস্কঃ ডাম্পাৰৰ দৌৰাত্ম্যই পুনৰ প্ৰাণ কাঢ়িলে এগৰাকী যুৱতীৰ।

মিৰ্জাত ডাম্পাৰৰ খুন্দাত মৃত্যু বাইক আৰোহী যুৱতীৰ। গুৰুতৰভাৱে আহত ভাতৃও।

পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জাৰ জোনাকীপুৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা।

দুৰ্ঘটনাত থিতাতে নিহত হয় হাজোৰ টোক্ৰাদিয়াৰ নিৱাসী সুস্মিতা কলিতা (২৬) নামৰ যুৱতীগৰাকীৰ।

আনহাতে আহত হয় সুস্মিতাৰ ভাতৃ আশীশ কলিতাও।

জানিব পৰা মতে, মিৰ্জাত বিয়া খাবলৈ আহি ভাতৃৰ সৈত বাইকেৰে ঘৰলৈ উভতিছিল যুৱতীগৰাকীয়ে।

সেই সময়তে তীব্ৰবেগী ডাম্পাৰখনে মহটিয়াই লৈ যায় দুয়োকে।

ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজে ডাম্পাৰখন পিছে পিছে খেদি যায় যদিও বিনয় কলিতাৰ কুঁৱেৰীত ডাম্পাৰখন সোমোৱা বুলি অভিযোগ উঠিছে।

পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত যুৱকজনক হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।

Related Articles

Back to top button