পুনৰ জেহাদীৰ সন্দেহত এজনক আটক, ৫ দিনত ১০ জনক গ্ৰেপ্তাৰ…

বৰপেটাত জেহাদীৰ সন্দেহত আন এজনক আটক কৰিছে আৰক্ষীয়ে।

আৰক্ষীয়ে অভিযান চলাই ABTৰ সৈতে জড়িতৰ অভিযোগত আটক কৰে লোকজনক।

আটক কৰা লোকজনৰ নাম ছফিক উদ্দিন আহমেদ বুলি জানিব পৰা গৈছে৷ ঘৰ বৰপেটাৰ গৰৈমাৰী গাঁৱত।

কলগাছিয়াৰ ক্ষুদ্ৰকুছি গাঁৱত পলাতক অৱস্থাত আটক কৰা হৈছে ছফিক উদ্দিন আহমেদক৷

সম্প্ৰতি বৰপেটা সদৰ থানাত উপস্থিত NIAৰ এটা দল।

গ্ৰেপ্তাৰ হোৱা আটাইকেইটা জেহাদীক জেৰা চলাব NIAৰ দলটোৱে।

জিলাখনত এতিয়ালৈকে আৰক্ষীৰ জালত পৰিছে মুঠ ১০ জেহাদী।

বৰপেটাত জেহাদী গ্ৰেপ্তাৰৰ পিছত আজি NIAৰ দল বৰপেটাত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷