পুনৰ ছেল্ফীৰ বাবেই দুৰ্ঘটনা! ৰে’লৰ ওপৰত উঠি চেল্ফি তুলিবলৈ গৈ মৃত্যু কিশোৰৰ

পুনৰ ছেল্ফীৰ বাবেই দুৰ্ঘটনা! ৰে’লৰ ওপৰত উঠি চেল্ফি তুলিবলৈ গৈ মৃত্যু কিশোৰৰ

January 13, 2021 0 By NEWS DESK

নিউজ ডেস্ক। ছেল্ফীৰ বাবে নিতৌ সংঘটিত হৈছে বহু দুৰ্ঘটনা। এনে দুৰ্ঘটনাৰ ফলত কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে প্ৰাণ হেৰুৱাইছে শ শ লােকে।

এনে এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ’ল ঝাৰখণ্ডত।

ৰেলৰ ওপৰত উঠি ছেল্ফী লবলৈ গৈ মৃত্যু হ’ল ৰামগড় জিলাৰ এজন কিশোৰৰ।

ঘটনাটো দেওবাৰে সংঘটিত হয় মায়েল ৰেলৱে ষ্টেচনত। কিশোৰ জনৰ ঘৰ চিতাপুৰত বুলি জানিব পৰা গৈছে।

ৰেলৱে আৰক্ষীৰ মতে, কিশোৰজন সমনীয়াৰ সৈতে ফুৰিবলৈ গৈছিল ৰে’ল ষ্টেচনটোলৈ। তেনেতে সি ষ্টেচনটোত এখন মালবাহী ৰে’ল ৰৈ থকা দেখা পায়।

সেয়েহে ৰে’লৰ ওপৰত উঠি ছেল্ফী উঠিবলৈ মন গ’ল কিশোৰজনৰ। সেই মানসেৰে ৰেলৰ ওপৰভাগলে বগাই গৈ ছেল্ফী ল’বলৈ থিয় হওঁতেই দুৰ্ভাগ্যবশতঃ উচ্চ বিদ্যুৎ পৰিবাহী তাঁৰ মূৰত লাগি জ্বলি গৈ থিতাতে মৃত্যু হয় কিশোৰ জনৰ।

পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ পিছত কিশোৰ জনৰ মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে ৰে’ল আৰক্ষীয়ে।

উল্লেখ্য যে ছেল্ফী উঠিবলৈ যাওঁতে মানুহৰ মৃত্যু হোৱা ঘটনাই এতিয়া সকলোতে চিন্তাৰ বিষয় হৈ পৰিছে।

লগতে চাওকঃ

প্ৰকৃত বন্ধু! পথৰ কুকুৰে দ্বিতীয় জীৱন দিলে এজন ব্যক্তিক

কল্যাণী নৈত উদ্ধাৰ ভগৱান বিষ্ণুৰ মূৰ্তি, ভক্তপ্ৰাণ ৰাইজৰ মাজত কৌতূহল

এক আৱেগিক মুহূৰ্ত! আৰক্ষী পিতৃয়ে চেল্যুট দিলে ডিএছপি কন্যাক

মৰ্মান্তিক! ওচৰৰ পৰা ৰে’ল চাবলৈ গৈ ৰাজধানীৰ এক্সপ্ৰেছৰ খুন্দাত ভাতৃ-ভগ্নীৰ মৃত্যু