অসম
পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী কৰ্মচাৰী, বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক যতীন্দ্ৰ নাথ ৰয়ক হাতে-লোটে গ্ৰেপ্তাৰ…

ৰাজ্যত দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন।
যাৰ পৰিণতিত বিগত সময়ত ঘোচ লৈ হাতে-লোটে ধৰা পৰিছে ৰাজ্যৰ বহু কেইজন চৰকাৰী বিষয়া আৰু কৰ্মচাৰী।
বৃহস্পতিবাৰে পুনৰ গ্ৰেপ্তাৰ হ’ল আন এগৰাকী চৰকাৰী বিষয়া।
ঘোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হ’ল বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক যতীন্দ্ৰ নাথ ৰয়।
ধুবুৰী জিলাৰ হাদুৰহাট ধৰমচলা এইচ এছ স্কুলৰ বিদ্যালয়ৰ উচ্চ বৰ্গৰ সহায়ক যতীন্দ্ৰ নাথ ৰয়ক হাতে লোটে গ্ৰেপ্তাৰ কৰে।
দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।
যতীন্দ্ৰ নাথ ৰয় হৈছে ঘোচ লৈ এমাহতে গ্ৰেপ্তাৰ হোৱা দ্বাদশজন চৰকাৰী কৰ্মচাৰী।