পুনৰ ঘোচ কাণ্ড! উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ আৰক্ষীৰ সহকাৰী উপ-পৰিদৰ্শক ডম্বুৰধৰ দত্ত…

পুনৰ ঘোচখোৰ বিষয়াৰ বিৰুদ্ধে চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।

এইবাৰ অভিযান চলিল উত্তৰ লখিমপুৰৰ চিলনীবাৰী আৰক্ষী চকীত।

উৎকোচ লওঁতেই হাতে-লোটে গ্ৰেপ্তাৰ হ’ল অসম আৰক্ষীৰ এগৰাকী সহকাৰী উপ-পৰিদৰ্শক।

উত্তৰ লখিমপুৰৰ চিলনীবাৰী আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক ডম্বুৰধৰ দত্তক হাতে-লোটে গ্ৰেপ্তাৰ।

এক অপৰাধমূলক গোচৰত সকাহ দিয়াৰ বাবে অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ সময়তে ভিজিলেঞ্চৰ হাতত ধৰা পৰে বিষয়াগৰাকী।

এই কথা টুইটাৰযোগে সদৰি কৰিছে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ মুৰব্বী জি পি সিঙে।