পুনৰ ঘোচকাণ্ড! উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এছ আই ধীৰাজ নমশূদ্ৰ…

পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল চৰকাৰী কৰ্মচাৰী।
উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এগাৰকী আৰক্ষী উপ-পৰিদৰ্শক।
এইবাৰ গহপুৰ আৰক্ষী থানাত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল আৰক্ষী উপ-পৰিদৰ্শক ধিৰাজ নমসূদ্ৰ।
অপৰাধীক মুক্তি দিয়াৰ নামত উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ হয় আৰক্ষী বিষয়াগৰাকী।
Today, @DIR_VAC_ASSAM trapped and arrested red-handed SI Dhiraj Namsudra of Gohpur Police Station while accepting bribe for giving relief to the complainant in a criminal case. Follow up being done. @assampolice @CMOfficeAssam pic.twitter.com/4TD5AOe0hy
— GP Singh (@gpsinghips) December 8, 2022
টুইটাৰযোগে এই কথা সদৰি কৰিছে বিশেষ আৰক্ষী সঞ্চালক জিপি সিঙে।
উল্লেখ্য যে, একেদিনাই বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ এজন লাট মণ্ডলকো ঘোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।