fbpx
অসমঅসমীয়া

পুনৰ ঘােচকাণ্ড! এইবাৰ মহকুমাধিপতিক ‘চাহ-পানীৰ খৰচ’ যাচিবলৈ গৈ গ্ৰেপ্তাৰ কংগ্ৰেছ নেতা

নিউজ ডেস্ক। ৰাজ্যত পুনৰ সংঘটিত হ’ল উৎকােচ কাণ্ড!

অৱশ্যে উৎকােচ লৈ বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হােৱাৰ ঘটনাৰ বিপৰীত ঘটনা হ’ল তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত।

মহকুমাধিপতিক ভূমি সংক্ৰান্তীয় এটা কামৰ বাবে ‘চাহ-পানী’ৰ খৰচ হিচাপে নগদ ৫ হাজাৰ টকা যাচিবলৈ গৈ আটক হ’ল দুজনকৈ লােক।

অৱশ্যে ইয়াৰে এজনক সােধ-পােছৰ পিছত মুকলি কৰি দিয়ে আৰক্ষীয়ে।

G8 6

মাৰ্ঘেৰিটাৰ মহকুমাধিপতি পলাশ ৰাজকুমাৰ আহােমৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডিগবৈ কংগ্ৰেছৰ নেতা বসন্ত প্ৰধান আৰু বৰুৱা উপাধিৰ আন এজন লােকক।

জানিব পৰা মতে, বসন্ত প্ৰধানক সংগ দিছিল জনৈক বৰুৱা উপাধিৰ লােকজনে।

আৰক্ষীয়ে দুয়োকে আটক কৰে যদিও পৰৱৰ্তী সময়ত বৰুৱা উপাধিধাৰী লোক জনক এৰি দিয়ে দিয়ে।

আনহাতে, বসন্ত প্ৰধানৰ বিৰুদ্ধে ১৬৮/২২ নম্বৰৰ গোচৰ ৰুজু কৰে আৰক্ষীয়ে।

এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।

লগতে চাওকঃ

শ্ব’ৰূম নহয়! আৰক্ষী অভিযানত জব্দ হ’ল বৃহৎ সংখ্যক চুৰি স্কুটী…

G5 9

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!