পুনৰ ঘােচকাণ্ড! এইবাৰ জালত পৰিল অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা

নিউজ ডেস্ক। এইবাৰ ঘােচ লৈ জালত পৰিল অসম প্ৰশাসনিক সেৱাৰ এগৰাকী জ্যেষ্ঠ বিষয়া।

অসম চৰকাৰৰ যুটীয়া সচিব হিচাপে দিছপুৰত কৰ্মৰত এই বিষয়াগৰাকী হৈছে কে কে শৰ্মা।

এই সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰি প্ৰকাশ কৰা অনুসৰি, এচিএছ বিষয়া কে কে শৰ্মাই এটা ছিকিউৰিটি ফাৰ্মৰ অনুজ্ঞাপত্ৰ নবীকৰণৰ বিনিময়ত ৯੦ হাজাৰ টকা উৎকােচ হিচাপে লৈছিল।

G1 11
পুনৰ ঘােচকাণ্ড! এইবাৰ জালত পৰিল অসম চৰকাৰৰ যুটীয়া সচিব কে কে শৰ্মা 2

তেনে সময়তে সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে বিষয়াগৰাকীক হাতে-লােটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

সম্প্ৰতি তেওঁ চৰকাৰী আৱাসতে জেৰা চলােৱাৰ লগতে অবৈধ ধনৰ সন্ধানত অভিযান চলােৱাৰ প্ৰস্তুতি চলাইছে ভিজিলেন্সৰ অভিযানকাৰী দলটােৱে।