পুনৰ গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা, GNRCত স্বাস্থ্য পৰীক্ষা কৰিবলৈ উপস্থিত মেডিকেল ব’ৰ্ড…

পুনৰ হ’ব পাৰে গ্ৰেপ্তাৰ সুৰামত্ত হৈ ৰাজপথত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱা।

দুৰ্ঘটনাটোৰ ফলত প্ৰায় ৮ জন লোক আহত হয় আৰু এজন লোকে চিৰদিনৰ বাবে দুয়োখন ভৰি হেৰুৱাই পেলাই।

ৰাজকন্যা বৰুৱাক আৰক্ষীয়ে চমন জাৰি কৰিছিল যদিও আৰক্ষী থানাত অসুস্থতাৰ দোহাই দি হাজিৰ হোৱা নাছিল ৰাজকন্যা বৰুৱা।

ইয়াৰ পিছতেই দিছপুৰ আৰক্ষীয়ে মেডিকেল বৰ্ড গঠনৰ বাবে আবেদন কৰিছিল আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে গঠন কৰিলে মেডিকেল বৰ্ড।

ইতিমধ্যে ৬ জনীয়া চিকিৎসকৰ দল এটিয়ে জি এন আৰ চিত উপস্থিত হৈছে ৰাজকন্যাৰ স্বাস্থ্যৰ বুজ লবলৈ।

দিছপুৰ GNRC ত ৬ জনীয়া মেডিকেল বৰ্ডৰ চিকিৎসকৰ দল উপস্থিত হোৱাৰ পিছতেই আহিল শীৰ্ষ আৰক্ষী বিষয়া।

পূব-আৰক্ষী জিলাৰ DCP শুভ্ৰজ্যোতি বৰাৰ নেতৃত্বত দিছপুৰ আৰক্ষীৰ এটা দল উপস্থিত GNRCত।

লগত আছে এগৰাকী মহিলা আৰক্ষী বিষয়াও।

চিকিৎসকৰ প্ৰতিবেদনৰ পিছতেই গ্ৰেপ্তাৰ হ’ব পাৰে ৰাজকন্যা বৰুৱা।

Leave a Comment