অসম

পুনৰ কুখ্যাত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা, গুলীবিদ্ধ হৈ চিকিৎসাধীন

পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ।

ধুবুৰীত কুখ্যাত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা, আৰক্ষীৰ চকু ধুলি দি পলোৱাৰ চেষ্টা চলাওঁতেই গুলীচালনা।

শনিবাৰে নিশা ধুবুৰী আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত কুখ্যাত ড্ৰাগছ মাফিয়া বেল্লাল শ্বেখক বুজন পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

গ্ৰেপ্তাৰ হোৱা বেল্লাল শ্বেখৰ বিৰুদ্ধে ধুবুৰী আৰক্ষী থানাত পূৰ্বৰে পৰা চাৰিটাকৈ গোচৰ চলি আছিল।

বেল্লালক গ্ৰেপ্তাৰ কৰাৰ পিছত NDPS Actৰ অধীনত 366/21, 1102/21, 562/21 আৰু 1156/20 গোচৰৰ তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে।

উক্ত গোচৰ সমূহৰ তদন্ত আৰু অধিক ড্ৰাগছ উদ্ধাৰৰ বাবে নিশা বেল্লালক গৌৰীপুৰ থানা অঞ্চললৈ লৈ যায় আৰক্ষীয়ে। 

এনে সময়তে আৰক্ষীৰ তদন্তকাৰী দলটোৰ চকুত ধুলি দি প্ৰস্ৰাৱ কৰাৰ চলেৰে পলাবলৈ চেষ্টা কৰে।

আৰক্ষীয়ে প্ৰথমে সাৱধান কৰে যদিও বেল্লালে আৰক্ষীৰ কথা আওকাণ কৰি আন্ধাৰৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰে।

এনে সময়তে তদন্তকাৰী আৰক্ষীৰ দলটোৱে বেল্লাল ভৰিত গুলীয়ায়। উক্ত ঘটনাত বেল্লাল গুৰুতৰভাৱে আহত হয়।

পিছত আৰক্ষীয়ে আহত বেল্লালক ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায়।

Related Articles

Leave a Reply

Back to top button