পুনৰ কাৰাগাৰলৈ যাব নেকি অখিল গগৈ..? সামাজিক মাধ্যমত বিস্ফোৰক পোষ্ট বিধায়কগৰাকীৰ…

পুনৰ কাৰাগাৰলৈ যাব নেকি ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈ।

শেহতীয়াকৈ NIAৰ এক গোচৰত বিধায়ক গগৈ পুনৰ কাৰাগাৰলৈ যাৱ লাগিব পাৰে৷

ৰাইজৰ দলৰ নেতা গৰাকীয়ে শুকুৰবাৰে সামাজিক মাধ্যমত এই বিষয়ে এটা পোষ্ট কৰে।

তেওঁ লিখিছে-

‘কাৰাগাৰলৈ যাবলৈ প্ৰস্তুত হৈছো

আমাৰ বিৰুদ্ধে ‘কা’বিৰোধী আন্দোলনৰ ‘নিয়া’(NIA)ৰ গোচৰটো পুনৰ আৰম্ভ হ’ল।’নিয়া’ৰ আপীলৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে যোৱা ৯ ফেব্ৰুৱাৰীত গোচৰটো পুনৰাম্ভ কৰিবলৈ নিৰ্দেশ দিছে। তথ্য-প্ৰমাণসহ ‘নিয়া’ৰ অভিযোগ প্ৰমাণ নোহোৱাত যোৱা ১ জুলাই ২০২১ তাৰিখে এই গোচৰটোৰ পৰা মোক আৰু মোৰ সতীৰ্থসকলক ‘নিয়া’ আদালতে সম্পূৰ্ণ মুক্ত কৰি দিছিল। কিন্তু চৰকাৰে মোৰ বিৰুদ্ধে পুনৰ ষড়যন্ত্ৰ আৰম্ভ কৰিলে; কাৰণ মই দৃঢ়তাৰে বিজেপি চৰকাৰ বিৰোধী অৱস্থান অব্যাহত ৰাখিলোঁ। এতিয়া মই ২৩ ফেব্ৰুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব। বোধহয় সিদিনাই মই পুনৰ কাৰাগাৰলৈ যাব লাগিব।আগৰবাৰ ‘কা’বিৰোধী এই গোচৰত ১ বছৰ ৭ মাহ জে’লত আছিলো, এইবাৰ কিমান দিন জে’লত থাকিব লাগিব নাজানো। আপোনালোক আটাইৰে পৰা এই সংকটৰ সময়ত আশীৰ্বাদ বিচাৰিলোঁ।

আপোচ নকৰাই মোৰ একমাত্ৰ অপৰাধ। মোক আপোচৰ অনেক প্ৰস্তাৱ দিয়া হৈছিল; সকলোবোৰ মই দৃঢ়তাৰে নাকচ কৰিছিলো। মই জনগণ, জাতি আৰু দেশক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। বিশ্বাসঘাতকতা মোৰ তেজত নাই। সাম্প্ৰদায়িক ফেচিবাদীহঁতৰ সৈতে মই আপোচ কৰিব নোৱাৰো। তাতকৈ জে’লৰ জীৱনকে মই বাচি লৈছো। দৰকাৰ হ’লে ওৰে জীৱন কাৰাগাৰতে কটাম; কিন্তু জাতিক বিশ্বাসঘাটকতা নকৰোঁ।

জয় আই অসম।

ইনকিলাব জিন্দাবাদ।।’