পুনৰ এনকাউণ্টাৰ! মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইফু ওৰফে আব্দুল বাছেট গুলীবিদ্ধ…

ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

নগাঁও আৰক্ষীৰ গুলীত আহত এগৰাকী কুখ্যাত ড্ৰাগছ মাফিয়া।

মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইফু ওৰফে আব্দুল বাছেট গুলীবিদ্ধ।

নগাঁৱৰ আজাদ নগৰত এই এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে।

ড্ৰাগছ মাফিয়া আব্দুলৰ ভৰিত লাগে আৰক্ষীৰ গুলী।

বিগত ৫ বছৰ ধৰি আৰক্ষীৰ মূৰৰ কামোৰণি হৈ আছিল ইফু।

অৱশেষত সোমবাৰ ৬ ডিচেম্বৰৰ নিশা পলাবলৈ চেষ্টা কৰোতেই গুলিবিদ্ধ হয় কুখ্যাত ড্ৰাগছ মাফিয়াগৰাকী।

জিলাখনৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই জনোৱা অনুসৰি, ইফু পলাবলৈ চেষ্টা কৰিছিল৷ নদীৰে পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীয়াবলৈ বাধ্য হয়৷

ড্ৰাগছৰ ড্ৰিল কৰি থকা অবস্থাতে আৰক্ষী আজাদ নগৰত উপস্থিত হৈছিল৷

আৰক্ষীয়ে লগতে আন সাত জন লোককো আটক কৰিছে৷

বৰ্তমানে আৰক্ষীয়ে আহত ইফুক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে৷

Leave a Comment