fbpx
অসমীয়াঅসম

পুনৰ এনকাউণ্টাৰ! এইবাৰ শহুৰেকৰ ঘৰতে আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ গাড়ী চোৰ সন্তোষ জয়ছোৱালৰ…

নিউজ ডেস্কঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।

এইবাৰ সোণাৰিত আৰক্ষীৰ গুলীত নিহত এটা দুৰ্ধৰ্ষ গাড়ী চোৰ।

নিহত চোৰটোৰ নাম সন্তোষ জয়ছোৱাল ওৰফে দুলু।

দীৰ্ঘদিনৰ পৰা চৰাইদেউ আৰক্ষীয়ে সন্ধান চলাই আছিল দুৰ্ধৰ্ষ গাড়ী চোৰটোৰ।

সোণাৰিৰ শহুৰেকৰ ঘৰত আত্মগোপন কৰি আছিল চোৰটোৱে।

কিন্তু গোপন খবৰ লাভ কৰি দেওবাৰে চোৰটোক বিচাৰি অভিযান চলায় চৰাইদেউ আৰক্ষীয়ে।

আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গুলীচালনা কৰাত নিহত হয় সন্তোষ জয়ছোৱালৰ।

জানিব পৰা মতে, ডিব্ৰুগড় জিলাৰ কেইবাখনো থানাত ৫০টাৰো অধিক গোচৰ ৰুজু হৈ আছে দুৰ্ধৰ্ষ চোৰটোৰ বিৰুদ্ধে।

Related Articles

Back to top button