পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত দুজনকৈ ড্ৰাগছ ব্যৱসায়ী…

ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে আৰক্ষীৰ অভিযান।

ৰাজ্যত পুনৰ ড্ৰাগছ ব্যৱসায়ীলৈ আৰক্ষীৰ গুলীচলনা।

এইবাৰ তিনিচুকীয়াত আৰক্ষীৰ গুলীত আহত হ’ল দুজন ড্ৰাগছ ব্যৱসায়ী।

আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰা সময়তে আৰক্ষীৰ গুলীত আহত হয় ড্ৰাগছ ব্যৱসায়ী দুজন।

গুলীবিদ্ধ লোক দুজন নাগালেণ্ডৰ অপেন নুলী আৰু অমৰ দাস বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, এ এছ ০৩ জেড ৭১৭২ নম্বৰৰ এখন বেলেন’ বাহনত ড্ৰাগছ ব্যৱসায়ী দুজন আহিছিল।

এই কথা জানিব পাৰি আৰক্ষীয়ে তিনিচুকীয়াৰ বাইপাছত বাহনখন ৰখাই তালাচী কৰিব লওতেই দুয়োজনে পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে উপায়ন্তৰ হৈ গুলীচালনা কৰে।

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনক লক্ষ্য কৰি ৭ ৰাউণ্ড গুলী চলোৱাত গুৰুতৰভাৱে আহত হয় দুয়োজন।

বৰ্তমান গুলীবিদ্ধ ড্ৰাগছ ব্যৱসায়ী দুজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

Leave a Comment