পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত চোৰাংচিকাৰী আব্দুল মতিন…

দৰঙৰ দলগাঁৱত আৰক্ষীৰ এনকাউণ্টাৰ।

এইবাৰ আৰক্ষীৰ গুলীত আহত চোৰাংচিকাৰী।

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাওতেই গুলীচালনা। বাঁওভৰিত গুলী লাগিছে চোৰাংচিকাৰীটোৰ।

ধনশ্ৰী নৈৰ পাৰত পুতি থোৱা ৰাইফল উদ্ধাৰৰ বাবে গৈছিল আৰক্ষী।

আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰিছিল আব্দুল মতিনে।

আহত আব্দুল মতিনক মঙলদৈৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি।

মতিনক গ্ৰেপ্তাৰৰ বাবে পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে।

মতিনৰ সন্ধান দিওঁতালৈ ৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

মঙলবাৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা গ্ৰেপ্তাৰ কৰিছিল দৰং আৰক্ষীয়ে।