অসম

পুনৰ এনকাউণ্টাৰ! আৰক্ষীৰ গুলীত আহত ডকাইত বিনয় দাস…

কোকৰাঝাৰত পুনৰ এনকাউণ্টাৰ।

এইবাৰ কোকৰাঝাৰ আৰক্ষীৰ গুলীত আহত এজন চিলনী চোৰ।

চিলনী চোৰটোৰ নাম বিনয় দাস।

বিহাৰৰ কাটিহাৰৰ কান্দা আৰক্ষী থানাৰ অন্তৰ্গত গেদাবাৰী গাওঁৰ বাসিন্দা বিনয় দাস।

ঠিকাদাৰৰ পৰা ছয় লাখ টকা লুটি নিয়া চিলনী চোৰক এনকাউণ্টাৰ কোকৰাঝাৰ আৰক্ষীৰ।

যোৱা ২২ জুনত কোকৰাঝাৰ এক্সিছ বেংকৰ সন্মুখৰ পৰা এজন ঠিকাদাৰৰ পৰা লুটি নিছিল ৬ লাখ টকা।

গুৱাহাটী আৰু বৰ্ণিহাটৰ পৰাও টকা লুট কৰিছিল চিলনী চোৰটোৱে।

বৰ্ণিহাটত খেদি খেদি সাধাৰণ জনতাই কৰায়ত্ব কৰিছিল চিলনী চোৰটোক।

চোৰটোক প্ৰথমে মেঘালয় আৰক্ষীয়ে চমজাই দিছিল গুৱাহাটীৰ পানবজাৰ আৰক্ষীক।

পানবজাৰ আৰক্ষী থানাৰ পৰা চিলনী চোৰ বিনয়ক কোকৰাঝাৰ আৰক্ষীয়ে লৈ আনিছিল।

ইয়াৰ পিছতে বালাজান তিনালী – কাৰিগাঁও পথত আৰক্ষীয়ে গুলীয়াই চিলনী চোৰটোক

লুটি দিয়া টকাৰ খালী বেগটো উদ্ধাৰ বালাজান তিনালী পথত।

বেগ উদ্ধাৰৰ পিছতে সংঘটিত হয় এনকাউণ্টাৰৰ ঘটনা।

উভতি অহাৰ সময়তে আৰক্ষী পৰিদৰ্শক আমিৰুল হুছেইনৰ পিষ্টল কাঢ়ি পলায়নৰ চেষ্ঠা কৰিছিল ধৃত বিনয় দাসে।

ফলত আৰক্ষীয়ে বাধ্য হৈ গুলীচালনা কৰে।

ভৰিত গুলী লাগে চিলনী চোৰ বিনয় দাসৰ।

কোকৰাঝাৰ আৰএনবি চিকিৎসালয়ত ভৰ্তি চিলনী চোৰটোক।

Related Articles

Back to top button