পুনৰ এচিড আক্ৰমণৰ ঘটনা! প্ৰেম প্ৰত্যাখ্যানৰ বাবে এচিড আক্ৰমণৰ বলি হ’ল কিশোৰী, মেহেৰ আলী গ্ৰেপ্তাৰ…

ৰাজ্যত পুনৰ এচিড আক্ৰমণৰ ঘটনা।

ঢেকীয়াজুলিৰ পাছত এইবাৰ বৰপেটাত এচিড আক্ৰমণৰ ঘটনা।

এইবাৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীলৈ এচিড নিক্ষেপ।

প্ৰেম প্ৰত্যাখ্যানৰ বাবে এচিড আক্ৰমণৰ বলি হ’ল সৰ্থেবাৰীৰ এগৰাকী কিশোৰী।

আক্ৰমণকাৰী কঁঠালভূৰি গাঁৱৰ মেহেৰ আলী।

সম্প্ৰতি ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে কিশোৰীগৰাকীক।

কিশোৰীগৰাকীয়ে মাজদিয়া হাইস্কুলৰ পৰা ওভতাৰ পথতে সংঘটিত হয় এই ভয়ংকৰ ঘটনা।

ডিঙি, গাল আৰু বুকুত আঘাতপ্ৰাপ্ত হৈছে কিশোৰীগৰাকী।

আক্ৰমণকাৰী মেহেৰ আলীক গ্ৰেপ্তাৰ আৰক্ষীৰ।